ফাগুন মোৰো প্ৰিয়
#####ফাগুন মোৰো প্ৰিয়।########### বাউলি পছোৱাজাকে যেতিয়া আউল বাউল কৰে মোৰ মেলি ৰখা চুলি তেতিয়া মইও মোৰ মাজতে নিজক বিচাৰি চাও।বতাহত ভাহিঁ অহা ফাকুগুড়িবোৰে গালত চুই গ'লে উন্মনা হওঁ।পলাশৰ ৰঙাবোৰত বাৰে বাৰে কিয় জানো আপোন পাহৰা হওঁ।
পলাশৰ ৰঙাবোৰত বাৰে বাৰে কিয় আপোন পাহৰা হওঁ ধূলিয়ৰি গধূলিয়ে কেতিয়াবা জোকাই যায়।
মেঘে যেতিয়া মাদল বজাই তেতিয়া দুহাত মেলি আকাশলৈ চাওঁ ।বৰষুণজাকক স্বাগতম জনাও।
### এয়া যেন সলনি হোৱা সময়ক স্বাগতম জনোৱা সময়###
########মায়াবী ফাগুনৰ সময়#####
কবিয়ে কৈছে
মোকতো পোৱাই চিনি
মই যে ফাগুন
অঁকৰা কবিৰ স'তে
চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম।
######মই যে বাউলি ফাগুন########
Comments
Post a Comment