আবেলিৰ বগলী জাক

আবেলিৰ বগলী জাক
===============

বহু দিন দেখা নাই বগলী জাক
দি যোৱা নাই মোক
নখৰ চুকত বগা ফুট।
সৰুতে আইতাৰ কোলাত বহি
আবেলি ঘৰমোৱা হৈ মূৰৰ ওপৰেৰে
উৰি যোৱা বগলী জাকক দেখি
"বগলী এএ দি যা,মোৰ
নখতে ফুট দি যা"
বুলি হাত খন আগুৱাই চিঞৰি উঠা
মোৰ আজিও মনত পৰে।

নৈ পাৰত জাকৈ বাৱতে
গধূলি গুচি নিশা হ'ল।
এন্ধৰৰ ওচুপনিত
লেৰেলি গ'ল ঝাও বন।
এৰাঃ ছবি বোৰো আঁকোতে
বহু নিশা হ'ল।
এতিয়া দোকমোকালিও হ'ল
ওলাব যেন পুৱতি তৰা।

                  হিতাংগ

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…