আজি মই বহু অকলসৰীয়া অনুভব কৰিছোঁ

আজি মই বহু অকলসৰীয়া অনুভব কৰিছোঁ।
নাজানোঁ জীবনৰ বাকী চোৱা কাল কেনেকৈ
পাৰ কৰিম। বহুত যুঁজ কৰিছো জীরনৰ লগত কিন্তু
হাৰি গৈছোঁ বাৰে বাৰে। এতিয়া মই জীৱন
ধূলিময় পথ চোৱাত দিশহাৰা হৈছোঁ.. নিৰাশ
ক্লান্ত আৰু দুর্বল মোৰ শৰীৰ । হয়টো মোৰ
মানসিকতাক বহু আঘাট কৰিছে বর্তমান দালাল
সমাজ খনে। নাই আৰু সয্য কৰিব নোৱাৰোঁ । হয়
টো অতি সোনকেলেই মচি পেলাম জীৱনৰ বাকী
থকা খিনি। আৰু নোৱাৰো উকা কাগজত
সোণালী মহী বিৰিঙাব !! হয়টো হেৰাই যাম
কৰবাত নাইবা আত্মঘাটি হম।। হয়টো ইংৰজীত
ক'ব চুইচাইড বুলি। কি কৰিম যাৰ জীবনটো "ধৰতি
কা বউঝ" হৈ যায় তাক শেষ কৰাতোরেই সঙ্কল্প
মোৰ । হয় টো বহুজৰ বাবে ভাল খবৰ হব আৰু বহু
জনৰ বাবে হব পাৰে কান্দোনৰ এটা সীমাহীন
ভান্দাৰ। চোতালত পৰি ৰব মোৰ মৌন দেহা, আৰু
বগা চাদৰে ঢাকি ৰাখিব বহু কামনা আৰু অপূর্ণ
আশা। কাষতে উচুপনীৰ শব্দ নিগৰিব কোনোবা
আপোন জনৰ । আৰু মোৰ বন্ধ কোঠাতোৰ এঠাইত
ওলমি ৰব মোৰ আধৰুৱা যৌরনৰ একুৰি বছৰৰ
এখন পুস্প মালাৰ এখন ফটো। আৰু কেতিয়াও
হয়টো জ্বলি নোথিব মোৰ কোঠালিৰ লেম্প ।
আৰু এটা শব্দ কেতিয়াও উচ্চাৰণ নহব সেই ঘৰ
খনত... সেইটো মোৰ 'নাম'।

📝চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…