স্বাগতম
@ *স্বাগতম* @
✍স্বপ্ননীল শইকীয়া
শুই আছোঁ....
নিজানত....
শুনিছোঁ অতীতৰ বিধস্ত হোৱা
দিনবোৰৰ শব্দ....
নিজে ৰান্ধিব লাগে সুস্বাদৰ ভাত....
কিন্তু সদায় চেষ্টা কৰিও
শেষত পাওঁ শুদা আৰু শুদা
মাথোঁ বেজেৰা….
এনে এখন ঘৰলৈ কোনোবা আগমনৰ কথা যদি ভাবোঁ..
এইয়া বাৰু কল্পনাতে ভ্ৰম হোৱাৰ দৰে নহ'বনে......!!!!
কিন্তু এইয়া কি......!!
কি আচৰিত ......পদূলি মুখত সেইয়া কোন.....???
কিয় আহিছে...!!
মোৰ বিধস্ত পঁজাত কি বিচাৰি পাব ...!!
তুমি কোন বাৰু .....?
তোমাৰ বাৰু পথভ্ৰষ্ট হৈছে নেকি......!!
একো নাই চোন কোৱা…..
মৌন হৈ ৰৈ আছে
মুখত হাঁহি লৈ....
এনে হাঁহি নেদেখা আজি যেন মোৰ প্ৰায় শতাব্দী পাৰ হৈ গ'ল......
সুশ্ৰীৰ শীতল দীঘল চুলিৰ
ভাঁজে ভাঁজে যৌৱনৰ প্ৰমাণ...
তাতেই আকৌ তাইৰ লিহিৰি আঙুলিৰ বুলনি.......
যেন প্ৰেম গীতৰ তালে তালে বীণা বজাইছে.....
ধ্ৰুৱ তৰাৰ দৰে জিলিকিছে
চকুযুৰি....
তাতই ওলমি আছে লমা লমে তাইৰ সেন্দুৰীয়া সপোনবোৰ...….
হাঁহিতে জিলিকে সেউজী চৰা..….
নতুনৰ কুঁহিপাত হাঁহিৰ ভাঁজে ভাঁজে....
বোৱতী নদীৰ দৰেই দেহ তাইৰ.....
পৱিত্ৰৰ এক যেন বিশেষ অনুদান..
এনে দৃশ্য মই এইজন্মত দেখা নাই... তথাপিও কিয়...চিনাকি যেন লাগিল...??
বাৰু আহা চোন.....পদূলিত কিয় ৰৈ আছা......!!
আহা ভিতৰলৈ.....
মই বৰ জোৰকৈ খোজ দিব নোৱাৰোঁ...
কঁকাল ভাগি আছে .....
লাহে লাহে হে আগুৱাইছোঁ....
সামৰ্থ অনুযায়ী শুশ্ৰষা কৰিম....
হৃদয়ৰ কোঠাত জিৰাবলৈ দিম.....
নহ'লে পানী পৰা ঘৰ যে ...
ভয় লাগে কষ্ট পাবও পাৰা.....
আদিৰিছোঁ তোমাক গধূলিপৰত মোৰ ভগা পঁজালৈ....
তোমাৰ স্পৰ্শই যেন মোৰ ধিমিক ধামাক কৈ থকা চাকি গছি
পুনৰাই পোহৰ হৈ পৰে.......
.....আহা তুমি সোমাই আহা.....
Comments
Post a Comment