দিহিঙৰ বিননি
||দিহিঙৰ বিননি ||
°°°°°°°°°°°°°°°°°
বুৰঞ্জীৰ পাত লুটিয়ালে
সৃষ্টিৰ প্ৰথম
প্ৰভাততেই
নিৰবিছিন্ন ভাৱে
অসমী আইৰ বুকুৱেদি
বৈ থাকা
মোক পাবা…!!
উদিত সূৰুযৰ
মিঠা কিৰণ
নিজান দুপৰৰ
চিকি মিকি জিলিঙনি,
পাৰৰ বালি চাপৰিত
ৰিব ৰিব পছোৱাৰ
বা লাগি
নাচি থাকে কহুঁৱা,
লিহিৰি ডৰা,
বহুৰঙী ফুলনি যেন
লানি লানি…!!
অস্তমিত সূৰুযৰ
হেঙুলী আভা
দূৰ দিগন্তত
ৰিণি ৰিণি শুনো
গৰখীয়া বাঁহী
কৰুণ সুৰে
গীত জুৰে বিষাদৰ…!!
মোৰো কোমল হিয়াৰ
আধুনিকা সাঁজৰ
ঝংকাৰে
কৰেহি নৱ হাবিয়াস...
এছিয়াৰ দ্বিতীয় দীৰ্ঘতম
দলঙে
এশ বিৰাশীটা খুটাৰে
ৰাখিছে আৱৰি…!!
দলঙেদি আহিব যাব
শত সহস্ৰ হাই প্ৰফালৰ
আধুনিক বাহন,
বুকুৰ ভিতৰত
মৃদু মৃদু কম্পন হ'ব
মনত পেলাই
চিনাকী নাওখন…!!
ঢৌ খেলি খেলি
কেতিয়াবা হাঁহিম
খিল্ খিল্
সুনীল আকাশ আৰু
মোৰ নীলবৰণ সানি
মনৰ পখী জনি নাচিব
জিৰি জিৰি…!!
সৃষ্টিটো আছিলো মই
বৰ্তমানতো আছো
ইতিহাসৰ শেষ
পৃষ্ঠালৈও
নিৰৱধি থাকিম বৈ.......
মোৰ বুকুতে কোনো
সভ্য জগতৰ
আধুনিকতাই
কৰিব নতুন প্ৰচেষ্টা
কিন্তু মই
একেদৰেই থাকিম বৈ..
°°°°°°°°°°°°°°°°°°°°°°
✍……… বিষাদ ৰাণী জুৰি বড়া
Comments
Post a Comment