সপোনৰ পৃথিৱী

মই যদি তোমাৰ সপোনৰ পৃথিৱী বুলি ভাবা তেতিয়া হ'লে তুমি সেই পৃথিৱীৰ কক্ষপত হ'বলৈ চেষ্টা কৰা।যাতে তোমাৰ পৃথিৱীয়ে তোমাৰ কক্ষপথত সময়ৰ শেষৰ লৈকে গতি কৰিব পাৰে......
কিয়নো কক্ষপথৰ অবিহনে পৃথিৱীও নিঃশেষ হৈ যাব....

যদি মই তোমাৰ ৰাতিপুৱাৰ বেলিটো তেনেহ'লে তুমি পশ্চিম দিশ হবলৈ চেষ্টা কৰা .....
কিয়নো উদয় হৈ সদায় শেষত পশ্চিমতে ডুবি যায়.......

মই যদি তোমাৰ ৰামধেনু তেন্তে তুমি ৰামধেনুৰ সাতোটা ৰং হোৱা।
কিয়নো সাতোটা ৰঙৰ অবিহনে ৰামধেনুৰ অস্তিত্ব নাই.......

মই যদি তোমাৰ মৰম হয় তেনেহ'লে তুমি মৰম জন্ম লোৱা হৃদয় খন হোৱা..
কিয়নো হৃদয়ৰ অবিহনে মৰম অসম্ভৱ.....

✍স্বপ্ননীল শইকীয়া

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…