মাথো বিছাৰো প্ৰেমৰ ঠিকনা

✍মাথো বিছাৰো প্ৰেমৰ ঠিকনাঃ
🖊
      ধনটি শইকীয়া,,

প্ৰেম এজাক জৌৱনৰ ধুমুহা,
আহে আৰু হৃদয় খন ভাঙি যায়।
হৃদয় ৰ সেউজীয়া আভা বোৰ
চেপি চেপি শুকুৱাই পেলাই
শুকান কলিজা খন নিথৰ কৰি
বহু দুৰৰ পৰা থৰ লাগি চাই
হা হা হা কেনে পালি প্ৰেম কৰ।

সাগৰৰ ঢৌ অহাৰ দৰে ক্ষনিকতে
শেষ l

তোমাক নেদেখিলে কলিজা খন কঁপে অ

তোমাৰ মৰমে মোক বলিয়া কৰিলে
পাহৰাই দিলে মোক আৰু মোৰ লক্ষ্যক
বলিয়া প্ৰেমিক মই জীৱন বাটত।
লক্ষ্য মাঠো তোমাক হেৰুৱাৰ ঠিকনা
ক'ত গ"লা মোক এৰি থৈ
জীৱন বাটত অকলশৰীয়া কৰি।

তোমাৰ ঠিকনা বিছাৰি
আজিও মই স্থৱিৰ।
তুমিয়েই মাঠো মোৰ প্ৰেমৰ প্ৰথম ৰেঙনি
এইয়াই প্ৰেম মাঠো নিৰাশা,
হেৰাই গ'ল স্মৃতি,
ৰৈ গ'ল মাঠো
মৃত্যুৰ এক বিভিষিকা।

মাঠো বিছাৰো তোমাৰ প্ৰেমৰ ঠিকনা।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন