হাই .........আপুনি কেনে আছে ?


হাই .........আপুনি কেনে আছে ?

অকলশৰে উভতনিৰ
যাত্ৰা পথত
মই আৰু মোৰ ভাৱনা

দিগন্ত প্ৰসাৰি পথ
পাহাৰ .নদী গছ
সোণালী পথাৰ
আহি আছোঁ
সকলো অতিক্রমি
মন সাগৰত ভাৱনাৰ ঢৌ
ৰিঙা ৰিঙা উদাস উদাস
ভাৱ এটাই মোক
আগুৰি ধৰিছিল

অনন্ত আকাশলৈ চালোঁ
পশ্চিমত হিৰণ্ময়ী আকাশ
কেই ঘণ্টামানৰ পিছতেই
দিনমণিক সাৱতিব
প্ৰেমিক সন্ধিয়াই

নিৰৱতা ভাঙি
হঠাতে বাজি উঠিল চেলফোনটো
এটা কোমল শব্দৰে
এটা মেচেজ
হাই ................
এটা কোমল শব্দ
যি শব্দই
পৰশ হৈ বৈ গল
মোৰ হৃদয়ত .....

মেচেজেৰেই ভাৱ বিনিময়
ধীৰে ধীৰে
আত্মিক হৈ পৰিলো
এই আত্মিকতাই
নিবিড় ভাৱে বাহ ললেহি
মোৰ হৃদয় কোঠালিত

হাই ............... 
আপুনি কেনে আছে ?
"মই মাক ডাক্তৰক দেখুৱাই
লৈ আহিছোঁ ঘৰলৈ
দেউতা ঢুকুৱাৰ পিছৰ পৰাই
মাৰ মাজে মাজে
হৈ থাকে অসুখ "

মেচেজটো আন্তৰিকতাৰে পঢ়িলোঁ
মোৰ মন বিগলিত হৈ পৰিল
তেওঁৰ বিষণ্নতাৰ
মই সমভাগী হবলৈ
ইচ্ছা কৰিলোঁ

মোৰ হৃদয় খন গলি গলি
বিয়পি পৰিল
তেওঁৰ হৃদয় খনলৈ ...............

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…