মই আজলী
মই আজলী, তোমাৰ প্ৰেমত পাগলী,
প্ৰেমৰ নাই একো জুখ।
যাওঁতে গুছি গ'লা, উভতিও নাছালা,
কেনেকৈ পাহৰো তোক।
প্ৰেমৰ মিছা মায়া, তুমি মিছ্লীয়া,
ভাঙিলা মোৰ হৃদয়,
ইমান দিনে এটাও, খবৰ চোন নললা,
কি...এইটোকে প্ৰেম বুলি কয়।
জীৱনতকৈও বেছি, তোমাকহে বিছাৰিলো,
বিছাৰিলো মাথো তুমাৰ মৰম।
তুমি ণিৰ্দয়ী,নিষ্টুৰ কঠোৰ হিদয়ৰ জীৱ..
প্ৰেমৰ নামত দিলা মাথো চৰম।
এতিয়াও মনত আছে মোৰ,পাৰ হৈ যোৱা দিনবোৰ
কেনেকৈ নো তাক পাহৰো,
নোবোজিলো কিয়,ওচৰ চাপি আতৰিলা,,,,
মইটো আজলী বৰ সৰু।
ভুল মানুহৰে হয়,হৈ গ'ল মোৰ ভুল ,
তাৰ বাবে ইমান ডাঙৰ শাস্তি,
মৰিবলৈ দিয়া , ইচ্চা নাই জীয়াই থাকিবলৈ,
তুমাৰ অবিহনে নাই কতো শান্তি।
ভাগৰি পৰিছো তুমাৰ স্মৃতিক লৈ ,
বিছাৰো যাবলৈ সকলো পাহৰি।
হাৰ নামানো, মচি দিম হিদয়ৰ পৰা,
নাহিবা কেতিয়াও মোক বিছাৰি।
বহুত কান্দিলো, উযাগৰে কটালো
শিতানৰ গাৰুটো মোৰ শাসি।
আকৌ হাঁহিম ,নিজৰ বাবে জিয়াই থাকিম,
তুমাৰ প্ৰতাৰণাকে লম মই বাছি।
দুখও লাগিছে নকৈও নোৱাৰি
বিছাৰো ময়ো অলপ হাঁহি।
হাঁহিৰ প্ৰতিছুটি দি, বলিয়া কৰি
ক'ত নো গলি আজি মৰি।
আৰু নাকান্দো, নলও মই তোমাৰ নাম
কবিতাৰ ভাষাত দিলো প্ৰতিছুতি।
থাকিব দিয়া মোক যেনেকৈ বিছাৰো
নাহিবা কেতিয়াও উভটি,,,,,,,,।
Comments
Post a Comment