প্ৰেম অজুহাত আৰু কিছু কথা
প্ৰেম অজুহাত আৰু কিছু কথা…..
অজুহাত ! এক বাস্তৱ তথা নিৰ্মম সত্য ৷ এই যে জীৱন
নাওঁখনি নিৰৱছিন্ন ভাবে চলাই লৈ গৈছে আপুনি ৷
কিয় ? উত্তৰ এটাই— অজুহাত; সুখৰ, সপোনৰ, এটা ভাল
চাকৰি, মোটা বেংক বেলেঞ্চ ,এটা অট্টালিকা,
এখন দামী গাড়ী, এটা ঘৰ, এগৰাকী সুঠাম-সুন্দৰী জীৱন
লগৰী, সন্তান, কিছু নাম-যশ ইত্যাদি ইত্যাদি ৷ এইবোৰ
অজুহাততেই চলি যায় পৃথিৱী ৷ এই ধৰক আপুনি
আপোনাৰ ভাল লগাক বা কিছু সপোন পুৰণৰ অজুহাতক
দোহাই দি কাৰোবাৰ প্ৰেমত পৰিছে ৷ প্ৰেমত পৰাই
নহয়, সেই বিশেষ ব্যক্তিগৰাকীৰ সৈতে আপুনি
সংসাৰো পাতিছে ৷ কিছুমানৰ আকৌ নোপোৱাটোৰ
প্ৰতি লগাতকৈ বেছি হেঁপাহ ! ধৰাহ'ল আপোনাৰ
প্ৰেমিক বা প্ৰেমিকাই বিচৰাধৰনেই আপুনি
সকলোবোৰ উজাৰি দিছে ৷ আপোনাৰ ব্যস্ততাক
পিঠি দিয়ো আপুনি তেওঁৰ বাবে সময় উলিয়াইছে ৷
বন্ধুবোৰৰ আড্ডাত সময় কমকৈ দিয়ো আপুনি তেওঁক
সুখী কৰাৰ বাবে উঠি পৰি লাগিছে ৷ সঁচা অৰ্থত
কবলৈ গলৈ আপুনি ভালপোৱাখিনি তথা সম্পৰ্কটোৰ
স্বাৰ্থত নিজস্বতা খিনিকো পাহৰি পেলাইছে ৷
একেলগে ব্যস্ততাখিনিও মুৰ পাতি লৈছে যাতে
আহিবলহীয়া দিনবোৰ সুকলমে পাৰ হয় ৷ হঠাতে এদিন
কি হ'ল আপুনি বিশেষ কামৰ কামৰ বাবে আপুনি
কিছুসময়ৰ বাবে আপোনাৰ প্ৰেয়সী বা প্ৰেমিকৰ এটা
অাবদাৰ পূৰণ কৰিব নোৱাৰিলে ৷ যিটো কাম
নকৰিলে আপুনি ইমানদিনে দেখি অহা সপোনবোৰ
পূৰণত যথেষ্ঠ সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷ তেতিয়াই
আমি আপুনি হৃদয়ৰ সিংহাসনত বহুৱাই ৰখা প্ৰেমাস্পদ
গৰাকীয়েই আপোনাৰ প্ৰতি মনতে এটা ভুল ধাৰনা
সৃষ্টি কৰি লয় আৰু কিছুমানে নিজৰ ভুল ধাৰণাটোকে
ইমানকৈ প্ৰাধান্য দিয়ে যে তেওঁ মনৰ পৰা আপুনি
কোনো প্ৰকাৰেই সেইটো মচি দিবলৈ অক্ষম ৷
অৱশেষত ইমানবোৰ আবদাৰ পুৰণ কৰাৰ পিচতো বিশেষ
ব্যস্ততাৰ বাবে মাত্ৰ এটা আবদাৰ পূৰণ কৰিব
নোৱাৰাৰ বাবেই তেওঁৰ মনৰ পৰা আপোনাৰ নামটো
মচি পেলাবলৈও কুন্ঠাবোধ নকৰে ৷ কিন্তু এইবোৰ
ইমান সহজে এনেয়ে নঘটে ৷ আপুনি পূৰণ কৰিব নোৱাৰা
আবদাৰ এটাৰ অজুহাত দেখুৱাইয়ে আনৰ কাৰোবাক
বিচাৰি যায় তেওঁ ৷ এনেক্ষেত্ৰত আপোনাৰ প্ৰতি
কোনো সহানুভুতি জাগি নুঠে আপুনি ইমানদিনে
আপোন বুলি ভাবি অহা প্ৰেমাস্পদগৰাকীৰ ৷
এনেদৰেই সামান্য অজুহাততেই আনৰ ছবি আনি বুকুত
আঁকি লৈ সুখী হোৱাৰ চেষ্টা চলায় আৰু এইফালে
আপুনি আপোনাৰ জীয়া সপোন বোৰৰ সমাধিত কিছু
উত্তৰহীন প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই ৰৈ যায় !!!
Comments
Post a Comment