কেনে আছা?
-- কেনে আছা?
-- আছো,থাকিব লাগে বাবে।
-- মোৰ কথা নুসুধা?
-- ভালেই থকাৰ বাবেই দূৰলৈ গুচি আহিছো,জানো ভালেই আছা!
-- হুম,কি কৰিছা?
-- ইনেই আছো,আকাশত নিকোটিনৰ ধোৱাঁ উৰুৱাই!
-- কিয় খোৱা,নাজানা চিগাৰেট খালে শৰীৰ নষ্ট হৈ যায়,মানুহ মৰি যায়?
-- হুম,জানো |
-- ভয় নালাগে?
-- মানুহৰ দৃশ্যমান অংশ পচি গলে সাৰ হৈ যায়,যেতিয়া মন নামৰ অদৃশ্য জিনিছ টো মৰি যায় তেতিয়া কোনো জীৱিত নাথাকে। মৃত মানুহৰ আকৌ মৰাৰ ভয়...!
-- বেছি দাৰ্শনিক হৈ গৈছা দেখোন?
-- হ'ব পাৰে।
-- আৰু নাখাবা,
-- কিয় নাখাম?
-- মই কোৱাৰ বাবে...
-- আচ্ছা।
--কি আচ্ছা?
-- আৰু নাখাওঁ বাৰু।
-- মই কোৱাৰ বাবে,মোৰ কথা শুনিবা?
--কেতিয়াও না তো কৰা নাই।
-- আগতে ভালপাইছিলা,এতিয়া কিয়?
-- হুম,
-- কিয়!..? মইতো এৰি আহিছো তোমাক,পাহৰি নাই যোৱা?
-- অভ্যাস টো ৰৈয়ে গৈছে। স্মৃতিবোৰে তো এৰি নাযায়...!
Comments
Post a Comment