আবতৰিয়া বৰষুন

✍আৱতৰিয়া বৰষুন✍

মনৰে কথাবোৰ ক'বলৈ মন যাই
ক'লে জানো
        বুজিবা তুমি।
মনৰ পুখুৰীত
      মৰম পুহিলো
মাথো তোমালৈ বুলি ,
     তুমি নুবুজিলা
      মনৰ  কথা বোৰ
        
পুনীয়ে        
             ধৰিলে ছালি।

অভিমানী জাল
     কিয় নো পেলালা
   মৰম সৰকি যোৱা ,
বাৰিষা গ'ল খৰালি আহিল
          মৰম
          শুকাই খৰ মৰা।
মৰম নামৰ সাগৰ খনি
          নিতিতাকৈ থাকিল ছন পৰি,
       ক'ৰ নো এজাক আৱতৰিয়া
            বৰষুনে
দিলেহি তিয়াই আজি।।
🖊ধনটি শইকীয়া

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন