নিদাৰুণ নিশাবোৰ

নিদাৰুণ নিশাবোৰ
           ✍ৰাহুল দাস

প্রতিটো ব্যস্ততা পূর্ণ
দিনৰ ফেহুজালিতে
অলসতাৰে সৈতে এৰি আহো
ব্যথাৰে সেমেকি থকা
শেতিলীখন ।

মাজে মাজে মোৰ
বিছনাখনক শৰশর্য্যা বুলি
ভাৱিবৰ মন যায় ।বিষাদৰ
হাজাৰপাত কাঁড়ে
নির্দয় ভাৱে শালী ধৰা মই
দূৰন্ত ভীষ্ম ।

যদিও জানো
ভীষ্ম হব নোৱাৰো মই ।
তথাপিও ভীষ্মৰ দৰেই
প্রতি নিশাতে আলিংগন
কৰো বিষাদৰ শৰশর্য্যা ।

হেৰুৱাৰ বেদনাত কিম্বা
নোপোৱাৰ বেদনাত
প্রতি নিশাতে উদযাপন
কৰো বিষাদৰ উৎসৱ ।
মাজে মাজে ভাৱে আমি
বাৰু টোপনী যাবলৈ কেই
শুও নে সাৰে থাকিবলৈ ।

তথাপিও প্রতিটো
কাচিয়ঁলি প্রভাততে
উদ্যমেৰে উঠি আহো এটা
নতুন দিনক আদঁৰণি
জনাবলৈ ।কিছু আশাৰ
পোৱালী জগাবলৈ ।লাহে লাহে
আৰম্ভ হয় এটি কর্মব্যস্ত
দিন ।

ব্যস্ততাৰ ধাম খুমীয়াত দিনটোৰ
বাবে অতীত হৈ পৰে ভীষ্মৰ
শৰশর্য্যা কিম্বা যোৱাটো
নিশাৰ চকুপানীৰ কৰাল ।
যান্ত্রিকতাৰ উছতনিত
আমি আকৌ চিয়ঁৰো জীৱন
জীৱন বৰ অনুপম ।

প্রকৃততে
এইয়া সত্য আৰু আদৰণীয় ।
কিয়নো জীৱন থাকিলে কম
বেছি পৰিমানে দুখ
থাকিবই ।এদিন হলেও
ভীষ্ম হবই লাগিব ।

সেইবুলি জীৱনটোৰ ওপৰত
ঋণাত্মক ধাৰনা লোৱাটো
জানো উছিত!? দুখবোৰ
আচলতে আমাক জীৱনে
নিদিয়ে প্ৰায় ভাগেই আমি
আর্জন কৰি লওঁ ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন