ক্ষমা কৰিবা তুমি মোক অজানিতে তোমাক ভাল পালো …

ক্ষমা কৰিবা তুমি মোক অজানিতে তোমাক ভাল পালো …
"""""""""""""""""""""""""""
✍🏻 সপোন নিবিড় জোনাক
""!!
ক্ষমা কৰিবা তুমি মোক
অজানিতে তোমাক ভাল পাই পেলালো …
তুমি মোক আগুৱাই দিলা বন্ধত্বৰ হাত …
মই গলো আগুৱাই আৰু দিলো দুহাত মেলি বন্ধুত্বৰ …
কিন্ত কিয় আজি হঠাৎ অহা বানৰ দৰে
তোমালৈ মোৰ মনৰ মাজত বাঢ়ি আহিছে
মৰমৰ এখনি নদী …
কেনেকৈ বাধা দিম
এই অবুজন মৰমক …
কেনেকৈ বাধা দিম
তোমাক লৈ দেখা সপোনবোৰক …
ভুল তুমি নুবুজিবা
তুমি নজনাকৈ তোমাক ভালপাই থাকিম …
তোমাক লৈ সপোন ৰচিম …
তোমাক লৈ লিখিযাম
অনুভৱৰ এজাওৰি কবিতা …
যত থাকিব তোমালৈ বুকুৰ মাজত বাঢ়ি অহা মৰমৰ সঁফুৰা … ! !
🙏🏻🙏🏻🙏🏻🙏🏻

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন