চকুলো
চকুলো
"""""""""
✍🏻 সপোন নিবিড় জোনাক (৮১৩৩০৮৩৪৬৮)
! ! !
এনেকৈ সৰি পৰে নিশক্ত
আন্ধাৰৰ বুকুফালি
নিশব্দে আৰু নিৰৱে …
! ! !
মোৰ বিষাদ ভৰা জীৱনত
এতিয়া মাথো তাৰে খলকনি …
নিৰৱে মাথো আজি সৰে
দুখৰ চকুলো পুৱা গধূলি …
! ! !
বুকুত আজি বেদনাৰ জুই
কিমান আৰু দুখৰ বলি হবলৈ দিম
মোৰ আলসুৱা হৃদয়খনি …
ভাৱি ভাৱি পৰিছো ভাগৰি
দুখৰ খৰাংত চিৰাল ফটা
মোৰ বুকুৰ পথাৰখনি বেজাৰত ! !
! ! !
কিমান টুকিম আৰু দুখৰ চকুলো
কেঁচা কলিজাৰ ৰঙা তেজৰে দুগালে বাগৰি যোৱা
দুখৰ চকুলো কিমান টুকিম … ! ! !
Comments
Post a Comment