বুকুৰ মাজৰ এটুকুৰা জুই
বুকুৰ মাজত এটুকুৰা জুই
জ্বলি আছে নিৰৱবিচিন্ন ভাৱে
সেইটুকুৰা জুই উমাল বুকুফালি
দপদপকৈ জ্বলিৱ লাগিছে
বিৰহে আজি চিঞৰি মাতিছে
কান্দিছে বুকু উজাৰি
তুমি হীনতাৰ বিৰহনলাত।
জীপাল বুকু দেখোন
উদাসীন ভাৱ
বিচাৰি নাপাওঁ সন্তাপ
তোমাৰ প্ৰেৰণাৰ
কিয় মধুময় ক্ষন আজি বিষাদত মগন।
বেলি দেখোন লহিয়ালে
তুমিও জীৱনৰ প্ৰান্তত
কৰি আৰোহন
সন্ধ্যাৰ বুকুত হেৰাই গ'লা।
স্মৃতি মাঠো দুদিনৰ
বিষাদিত মন আজি
মৌনতাত মগন
সুপ্ত হৃদয়ত উদ্ভাসিত
ক'লা নিভাজ আভৰন।
পাই হেৰুৱাৰ যন্ত্ৰনাই
বিচাৰি নাপাই সঠিক ঠিকনা
পথভস্ত্ৰ জীৱনত পাও মাঠো
কটূ ককৰ্থনা লাঞ্চিত ভৎসনা।
কাষত যে নাই
আজি মৰমৰ নিলাঞ্জনা
Comments
Post a Comment