মাজ নিশা ঘনে ঘনে
::::মাজ নিশা ঘনে ঘনে:::
মাজ নিশা ঘনে ঘনে
আমনি কৰে মনে প্ৰানে
সপোনৰো গানে গানে
তুমি আহা জীৱনলে
সময়ো যে নাহে বাৰে বাৰে
ভয় লাগে মনে মনে
তুমি অহাৰ অপেক্ষাতে
বাট চাই ৰওঁ পদুলিলে।
সময় আজি সলনি
মাঠো অপেক্ষা তোমাৰ
এটি শব্দৰ
এবুকু মৰম মহামিলনৰ
ক্ষেত্ৰ মাঠো দুখন হৃদয়ৰ।
ত্যাগ কৰিৱ শিকিলো
তেতিয়াই যেতিয়া তুমি
আতৰি থাকি মৰম বিলাইছিলা
মই কিন্তু নিৰ্মল পানীৰ দৰে পবিত্ৰ আছিলো।
অন্তৰত একোৰা জুই জ্বলিছিল নিসংগতাৰ
ঘূৰাই পাইছিল নিথৰ কলিজাই
এধানি মৰম সেইয়াই
নতুন ৰূপত তুমি
ল'ৱানে আকোৱালি ভগ্ন কলিজাত সঞ্জিৱনী ঢালি
আকৌ নুমুৱাব নুখূজো
মনৰ চাকিটি
জ্বলাবানে তুমি ভগ্ন কলিজাত আশাৰ বন্তি?
ধনটি শইকীয়া
Comments
Post a Comment