মধুৰ স্মৃতিঃ

✍মধুৰ স্মৃতিঃ
  
    🖊ধনটি শইকীয়া

মধুৰ স্মৃতিবোৰ
        আজি নাই
হেৰাই গ'ল শব্দৰ
     নোবুজা যুক্তিত।

শব্দবোৰ কেতিয়া
       শিল হৈ যাই
     বুজিৱ নোৱাৰি।
সেই শিলবোৰ
     ইমান কঠুৰ
নোবুজে মনৰ ভাষা,
কঠুৰ হাতুৰীয়ে
    কোবাই কোবাই
ভাঙিলেও ক্ষয় নাযায়।
অটল হৈ ৰৈ যাই
     নিজৰ যুক্তিত।

যাক আশা কৰা যাই
সিও আশা ভাঙি যায়।
যাক বিশ্বাস কৰা যাই
সিও বিস্বাসৰ জৰী
      ছিঙি যায়।

জীৱনটো এক জটিল
অংক,
যাক সমাধান কৰা টান।

শব্দৰ যোগ বিয়োগৰ
   নেওঁতা খনি,
জটিলতাৰ পুৰণ    অংকৰে,
বিভাজ্য কৰি
    ভাগশেষ বোৰ
         থৈ গ'লা।

কেতিয়াও নিমিলে
     সেই অংক
মধুময় স্মৃতিবোৰ
    জিলিকি ৰ'ব
মধুস্মিতাৰ বিভাজিত
   অংশত ,
মাথো দশমিকৰ পিছত
পৌনঃপৌনিক ৰূপত।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন