তই ব'ঠা কোৱাই যাৱি নদীয়েদি

তই ব'ঠা কোৱাই যাৱি নদীয়েদি……
    ✍🏻সমীৰণ সপোন

জীৱনটো বৰ জটিল
তই বুজিৱ চেষ্টা কৰ…!
   সুখ বুলিবলে
একো নাই,,
তথাপিওঁ বিচাৰি চাবি
কুঁৱলীৰ আলিংঙ্গনত

   সুখ মোৰ মনৰ
দুচকু ভৰি,
দুখ মোৰ দেহৰ
কলিজা ভৰি
আজিৱন আছিলো তোৰ সৈতে
জীৱন উজাৰি…
   এতিয়া তই অকলে…!!

ছিগা-ছিগা সূতাৰে
ফটা চোলা সী দি…
তোক যাৱলৈ কৈছিলো মই
নদীত তুলুঙা নাওঁ খন মেলি…
গভীৰ সুতত বঠা কোৱাই
   
     বসন্ত অহাৰ বাতৰি দি 
     তই আকৌ আহিবি
আইয়ে মৰিবৰ সময়ত,
অন্তত শেষ বাৰৰ বাবে…
আকৌ
ত'ই বঠা কোৱাই
যাবিগৈ নদীয়েদি

বি:দ্ৰ: নিজ পুত্ৰৰ পতি থকা এজনি মাতৃৰ অন্তৰৰ কথাবোৰ,মোৰ সামান্য জ্ঞানে প্ৰকাশ কৰিলো ।
    অজানিতে কিবা ৰৈ গলে জনাব ।

    ✍🏻সমীৰণ সপোন
          ৩/২/১৬

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…