আজি তোমাক দেখিছিলো

✍আজি তোমাক দেখিছিলোঃ
     🖊ধনটি শইকীয়া

বহুত আশা তোমাক লৈ
সপোন ৰচা,
সেই  সপোনত তুমি
  উমলি থাকিবা
হৃদয়ৰ কোমল দলিছাত,
কোমল শৰীৰে টোপনি যাবা।
মুখমণ্ডল পৰি ৰ'ব ৰঙা
কোমল উথখনি জাপখাই থাকিব এটি মিঠা হাঁহিৰ উদিপ্ত ভাজত।

তুমি পশ্চিমৰ বাঊলি বতাহ
নিমিষতে শেষ কৰি যোৱা সপোনৰ পঁজা
শৰীৰৰ প্ৰতিটো অংগ
অকামিলা কৰি গুছি যোৱা।
মুখ আছে কিন্তু তোমাক মাতিব নোৱাৰো
হাত আছে কিন্তু সাৱটিব  নোৱাৰো
চকু আছে তোমাক চাব নোৱাৰে
সকলো থাকিও তুমি আতৰি আছা
মনৰ পৰা বহুত দূৰত।

তোমাক ক'বলৈ মন যাই বহুত কথা
তোমাক এবাৰ চাবলৈ মন যাই
কিন্তু কিয় চাব নোৱাৰো
চকুত চকু পৰিলেই দুচকু আঁতৰি যাই তোমাক চোৱাৰ বহুত হেপাঁহ আছে,
কিন্তু মনে যে নকয়।

তুমি মোক কিয় হাঁহিলা
সকলো মৰম দিছিলো তোমাক
কোনো ক্ষেত্ৰতেই তোমাৰ অবাধ্য নাছিলো।
তুমি কি বিচাৰি নাপালা
মোৰ মাজত
যিটো তেওঁৰ মাজত
বিছাৰি পালা।
বাৰু যি কৰিলা ভালেই,
কৰিলা
আজি তোমাক দেখি
মনটোৱে জাপ মাৰি উঠিছিল
কিহ'ব সকলো থাকিও
মই অক্ষম।

তুমি মোৰ কাষলৈ নাহিবা
এবাৰো নাহিবা তুমি যিদৰে আতৰি গৈছিলা
সেই দৰে থাকা ।

তোমাৰ দুচকুত চকুলো কিয়?
অ তুমি মোক পাহৰিব পৰা নাই
জানো তুমি মোক কেতিয়াও পাহৰিব
নোৱাৰা।
মোৰ মৰমত নাছিল কি
মোৰ দৰে  তোমাক সেই মৰম কোনেও দিব নোৱাৰে
সেয়ে আনৰ হ'লেও
মোৰ মৰমে তোমাক আজিও আমনি কৰে।

নাই তোমাক মই চাব নোৱাৰো
এপলকো চাব
নোৱাৰো ।
তুমি মোৰ নহয় আৰু তোমাক চোৱাৰ মোৰ কোনো প্ৰশ্নই নাই।

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…

ফাগুন