এৰি অহা স্মৃতি

এৰি অহা স্মৃতি
         ৰাহুল দাস

আকৌ যদি ঘূৰাই  পাওঁ
মোৰ শৈশৱ,কৈশোৰ...
   ধুলি আৰু মাটিত
    মই বিছাৰি যা মাটিৰ
      মাজত জোনাকী ছায়া...॥

লুকা -ভাকু খেলি হাঁহিম
  দৰা কইনা খেলি নাচিম
   আইতাৰ সৈতে কাজিয়া কৰিম...
    আৰু দুখবোৰ আহিলে
      আইৰ আচলত চকুলো মচিম..॥

সময় ঘূৰিলে মোৰ মুখৰ হাঁহি..
   সুখৰ বাঁহী আকৌ বুটলিম...॥
    আজিৰ দুখৰ বিলাস
     হেৰুৱাই যাম...
      শৈশৱৰ পখিলা খেদি
       কৈশোৰৰ ধেমালি বুটলি...॥

অহা হ´লে উভতি সময়
  ফুলৰ সতে ৰচিম
    সপোন...পাপৰি...“
     সাৰ্থক সফল জীৱন”
      বিষাদৰে ভৰা
        ব্যৰ্থ মোৰ জীৱন।
         সাৰ্থকতাৰ সন্ধানত…
           আদৰিম চাগে
            পুণ্য পথৰ মৰণ!

জীৱনে কান্দে মোৰ
  সফলতাৰ পথ বিচাৰি,
   অশ্ৰুলোৰে নৈ বৈ
    হৃদয়ৰ বিননিত!
    আৰ্থিক অনাতন
     মনৰ হে আছে ধন,
      লভিব পাৰিম নে?

সাৰ্থক সফল জীৱন!!
মনোবলৰ বুকুছাত উঠি
   যাওঁ মই আগবাঢ়ি,
   অধ্যয়নৰ পথত অগ্ৰসৰ হৈ
    জ্বলাব খোজো মই…
    সাৰ্থক সফল জীৱনৰ
     চিৰস্থায়ী চাকি গছি... ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন