হেৰোৱা প্ৰেম

----------হেৰোৱা প্ৰেম----------মোলৈ মনত পৰিবনে যেতিয়া মই বহুত দূৰ গুচি যাম..
দূৰলৈ গলেও কেতিয়াও ঘুৰি নাহোঁ।
মোলৈ মনত পৰিব তোমাৰ.. হৃদয় খন কপি উঠিব তোমাৰ তথাপিও মোক নাপাবা।
মনত পৰিব মোৰ লগত কটোৱা মূহুর্তবোৰ, সোণ ৰঙী স্বপ্নীল৷ ক'ত শীত গ'ল
ক'ত বসন্ত ...
তুমি নাহিলা ৷
প্রতি সন্ধ্যা হিয়াৰ
পদূলিয়েদি নামি আহিল
মাথোঁ বিষাদলগ্না জোন ৷
পাহৰিছা নেকি তুমি বাৰু
মোৰ হৃদয়ৰ ঠিকনা ? অসীম
ভালপোৱাৰ ভাষা ?
যদিহে পাহৰা নাই
তেনেহলে জীৱনৰ লগতে
হৃদয়ৰো ঘটে নেকি অপমৃত্যু ?
আহিব
নোৱাৰা নেকি উভতি তুমি তৰাৰ
দেশৰ পৰা ? তোমালৈ বাট
চাওঁতে চাওঁতে ভাগৰি পৰিছো মই
ভাগৰি পৰিছে মোৰ
মৰমবোৰে ৷ নিশাৰ আকাশত
তুমি জ্বলি আছা নিৰৱে ৷
তুমিয়ে কোৱা মোৰ
তুমি মোক মেচিন বুলি ভাবা ,দুখ
নালাগে মোৰ ,মোৰ
কি চকুলো নাবাগৰে ,মোৰ
কি কাৰোবাক মৰম কৰিব মন
নাযায় , নাই জান মইও তোমাৰ
দৰে মানুহে কোনো যন্ত্ৰ নহয় কি ভূল আছিল মোৰ ? কাৰোৱাক ভালপোৱাটো অপৰাধ
নেকি ? নে কাৰোৱাৰ ছবি হৃদয়ত
গোপনে ৰাখি থোৱাটো অপৰাধ ?
তোমাক ভাল পাই ভূল
কৰিলো নেকি নে তোমাৰ প্ৰেমত পৰি ভূল কৰিলো
মই সুখী হব নোৱাৰোঁ
কোনোবা এজন ৰাজকুমাৰ আহিব..........
আৰু বুলাই দিব তোমাৰ উকা
কপালত তেজ ৰঙা সেন্দুৰ......
তোমাৰ বান্ধৱীযে গুচাই দিব
মুৰৰ ওৰণি..........
আৰু ওলাই পৰিব কোনোৱে নেদেখা এটা ৰঙা জোনৰ
সৈতে আলফুলিয়া মুখখন.........
.
বুকুত হাজাৰ বেদনা ভৰাই
কিমানযে তুমি অভিমানী আছিলা....! এতিয়া সেই
অভিমানবোৰ তোমাৰ
প্ৰিয় জনে পূৰাব পাৰিব জানো...?
পূৰাব পাৰিব জানো
তোমাৰ বুকুত থকা
বিষাদৰ ভঁৰালটো.....
যদি তোমাক কৰে ভীষণ অত্যাচাৰ তেতিয়া মইও
সংগী হম
দুখ আৰু বেদনাৰ........
তুমি ভালকৈ জানা যে
মই সংগ্ৰামী জীৱনত পৰাজয়তাৰ পোছাক পিন্ধি
তোমাক আপোন কৰিব নোৱাৰিলো কিন্তু তোমাক
আনৰ হাতত তুলি দি মই সুখী হবও নোৱাৰোঁ.....
তোমাক
পাহৰি জোৱাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰিম ৷
কি পাবা তুমি কি হেৰুৱাবা তুমি
যদিহে প্ৰতিশ্ৰুতি দিও তোমাক
সুখী হ’ম অবিহনে তোমাৰ
মদ নাখাওঁ কাহানিও ,
পাহৰি যাম তোমাক ইত্যাদি ইত্যাদি
আছে নেকি তাতো কিবা জীৱনৰ অংক অনাগত দিনৰ ৷
আমনি নকৰিবা মিছাতে
বিচ্ছেদৰ গতানুগতিক গীত ওঁঠত লগাই
তুমিতো জানাই অবুজ প্ৰেমিক মই
দুখৰ মাজতে সুখী হোৱাৰ কৌশল মোৰ বংশগত
চিঠিবোৰ লৈ যাবা মনত যদি পৰে পঢ়িবা কেতিয়াবা
প্লিজ আকৌ এবাৰ মিছাকে নক’বা
মোক পাহৰিব নোৱাৰা বুলি

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…