সুক্ষ্ম কনাবোৰ
[2/10, 11:02 PM] Dhanti Saikia: ✍সুক্ষ্ম কনাবোৰঃ
🖊ধনটি শইকীয়া
তিয়াব নিদিবা জীৱনটো দুখৰ চকুলোৰে,
জীৱন ৰ সুক্ষ্ম কনাবোৰ বিয়পি
কেতিয়াবা প্ৰকাণ্ড আঘাট দিয়ে।
সেই আঘাতৰ শাৰীৰিক
কষ্ট কম কিন্তু ভিতৰি ভিতৰি মানুহটোক ঘূনে ধৰাৰ দৰে,,ফোপোলা কৰি দিয়ে ।
দেখাত তুমি ইমান ধুনীয়া বাহিৰতো ভাল হ'লে হ'ব জানো?
কিন্তু সুস্থ মানসিকতা বোৰ হেৰাই যাব নিমিষতে ধূলি কনা,,হৈ।
সৰু কথাবোৰে কিয় দুলনি দিয়ে মনত
কাৰন সি আমাৰ চকুত পৰে,
কিন্তু ডাঙৰ দোষবোৰ চকুত নপৰে কেতিয়াবা চকুত নপৰিলেই উজুটি খাও জীৱন বাটত
যাক হেৰুওৱাব নোৱাৰি
আৰু জীৱনটো কোঙা কৰি দিয়ে।
তুমি তেতিয়া কি কৰা
তুমি মাথো ৰঙচোৱা
জীৱনৰ ৰঙবোৰ সৰু এটা কথাত কাঢ়ি লৈ যোৱা।
[2/11, 3:34 PM] Dhanti Saikia: ✍তেজপিয়া তুমিঃ
শিকলীৰে মেৰাই মেৰাই বান্ধি
বুকুত অজস্ৰ জোঙা অস্ত্ৰৰে হানি
বুকুৰ কেচা তেজ শোষন কৰি তেজপিয়াৰ দৰে মুখ ৰঙা কৰি দুটি উথত
ৰঙাৰ বুল সানিলা।
বগা তেজৰ চেকুৰা বোৰে বুকবুকনি তুলিছে
হৃদয়ৰ তৰংগত
জোৱাৰ তুলিছে সাগৰ সদৃশ প্ৰশান্ত মহাসাগৰৰ জীপাল বুকুত।
থৌকি বাথৌ মন আজি
উন্মাদনাত মগন
নিথৰ কলিজাত বিষাদৰ কান্দোন
নিস্তব্ধ শব্দতৰংগ
উত্তাৱল ধ্বনিত
স্বৰৰ ঝংকাৰ
মৌন মাথো কণ্ঠ।
সেই কণ্ঠত বাজি উঠে
ভঙা ভঙা মাতৰ সুৰ
সেই সুৰৰ ৰাগীত
চঞ্চলা পৃথিবীৰ ৰাজৰাজেশ্বৰ।
সৰগৰ পৰা নামি আহে
সৰগৰ অপসৰা
মাতাল স্বৰ্গৰ দেৱগন
কোনে ৰাখিৱ মান
এই মৰতৰ
হেৰাই গ'ল স্মৃতি
ৰৈ গ'ল মাথো
কণ্ঠৰ নিগৰীত গান।
[2/11, 10:36 PM] Dhanti Saikia: ✍এজাক ধুমুহাঃ
🖊 ধনটি শইকীয়া
এজাক ধুমুহা
অহাৰ দৰে তুমি আহি
হৃদয়ৰ ঘৰখনি ভাঙিছিঙি গুছি যোৱা।
লঠঙা কৰি
হৃদয়ৰ সেউজীয়া বোৰ
ধ্বংস কৰি সুখৰ ৰশ্মি বোৰ
উদঙাই দিয়া
কঠোৰ হাতেৰে শৰীৰৰ আবুৰতাবোৰ।
আজি উলংগ আৱেগত
কিয় মৰম সিঁচিছা
শূণ্য কৰি সতেজতা বোৰ
আকৌ জানো ঘূৰাই পাম আগৰ দৰে মৰম বোৰ।
বহুত কষ্ট হ'ব পুনৰাই
জীৱন গঢ়িৱলৈ ,
আকিব লাগিব এখনি ঊকা ছবি সাক্ষী কৰি
জীৱন বাটত তাকেই ৰাখিম সাৱতি।
[2/12, 12:36 PM] Dhanti Saikia: ✍প্ৰেমৰ কলিতি
🖊ধনটি শইকীয়া
তুমি উৰি ফুৰা পখিলা
হাজাৰ ফুলৰ
মৌ চুহি আনা।
তোমাৰ স্পৰ্শত ফুলে
হাজাৰ কলিটি,,,,,
তাৰেই হাঁহিত
দেহত বিৰিঙে
যৌৱনৰ আশাৰ
চাকি।
কাৰোৱাক দোষ দি
কাৰোৱাক সকলো মৰম কিয়নো দিলা সঁপি।
আজি তোমাৰ স্পৰ্শ হীনতাত
মৰহিল প্ৰেমৰ কলি।
[2/12, 12:44 PM] Dhanti Saikia: ✍অনুভৱ মাথো প্ৰেমৰ
🖊ধনটি শইকীয়া
প্ৰেমৰ পৰিসীমা জানো আছে
ই হ'ল মনৰ আৱেগ
যেনেকৈ মৌ মাখিয়ে
আৰ্ৱজনাত পৰি তাৰ
পৰা ভালটো বিচাৰে,
থিক প্ৰেম হ'ল সুন্দৰৰ অনুভব।
তাক অনুভব কৰিবা
ভাল ভাষাৰে সাৱতি ল'বা
কাৰোবাৰ চেহেৰাৰ ৰূপত
পৰি নিজৰ মনত কালিমা নাসানিবা।
প্ৰেম মাথো সৰগীয়
অনুভৱ নহয় ৰূপৰ সমাহাৰ।
[2/12, 1:10 PM] Dhanti Saikia: ✍প্ৰেৰণা মাথো তুমিঃ
🖊ধনটি শইকীয়া,,
তুমি সপোনৰ
তুমি দিঠকৰ
তুমি আৱেগ মাথো মনৰ।
তুমিয়েই জীৱন,
সত্য আৰু সুন্দৰৰ।
তুমিয়েই শত্ৰু
মোৰ সন্মুখ সমৰৰ
তুমিয়েই মন্ত্ৰনা মাথো
সুস্থ মস্তিষ্কৰ।
জীৱন সুৰৰ গানৰ
প্ৰতিটো অনুভৱ
তোমাৰ কল্পিত ভাণ্ডাৰৰ
এটি এটি গুনগুননি।
সেই সুৰতেই মনোমুগ্ধ
তুমি
আৰু মই সেই সুৰৰ
অানুসংগী প্ৰেৰণা বোৰ
বুটলি আনিছো
তোমাৰ মধুময় শিল্পৰ
স্মৃতি বুটলি।
তুমি জীৱন প্ৰান্তৰ
উচ্চভুমি
হেৰাই যোৱা ঠিকনা
বিচাৰি থিতাপি ল'লো
সেই উচ্চ ভুমিত।
তুমি আছিলা মোৰ সমভূমিত বাগৰী ফুৰা
প্ৰেৰনাৰ কলি
তাকে বুটলি সাৱটি
ল'লো মনৰ স্পৃহা খুলি।
জীৱন মৰুভূমিৰ বালিত উমলি পাহৰি
গ'লো সপোন
পাহৰি গ'লো লক্ষ্য।
মাথো বিচাৰি নাপালো
তোমাৰ ঊৎস ।
প্ৰেৰণা মাথো উচ্চভূমিৰ
শৃংগ।
[2/12, 8:36 PM] Dhanti Saikia: সুন্দৰ
✍জীৱনটো এক ঋতু ঃ
🖊ধনটি শইকীয়া
তুমি নাথাকিলেও
মই সুখী হ'ব পাৰো
কিয় জানানে?
তুমি হ'লা
ঋতু জীৱনৰ
এটি মুহুৰ্তৰ।
আৰু যৌৱন ই
আহিবই সময়ৰ
স্নিগ্ধ সুৱাসত।
আহিবা মনত ৰঙ তুলিবা
সেই ৰঙবোৰ
সেই আনন্দবোৰ
মাথো ক্ষন্তেকিয়া।
বাৰিষাৰ পিছত শীত
তাৰ পিছত বসন্ত
বসন্তত মনত আনন্দৰ জোৱাৰ আহে ,
আৰু ৰঙ ৰ ৰসবোৰ শুকান হৈ পৰিব ।
যেতিয়া মনৰ পথাৰ খৰাং হ'ব তেতিয়া মৰমৰ বীজ বোৰ শুকাই যাব।
আজি তুমি নাই দুখ কৰা নাই কাৰন সময়ৰ লগত সকলো সলনি হৈ যায়।
[2/13, 11:32 AM] Dhanti Saikia: ✍ভালপাৱ কিয় নাজানিলাঃ
🖊ধনটি শইকীয়া
তোমাক নিজৰ বুলি ভাৱিছিলো,
যাক ভাষাৰে বুজোৱা টান
অনুভৱ কৰিব পাৰি মাথো অন্তৰে অন্তৰে।।
তুমি জানা মই ৰসাল প্ৰেমিক
হাঁহিধেমালীৰ মাজতে বিৰাজমান
তথাপিও আধৰুৱা স্মৃতিবোৰে দুলনি দিয়ে কেতিয়াবা।
তেতিয়াই ভুমুকি মাৰো মই অতীতলৈ
তুমি জানা বন্ধুত্ব ,
জোৰ কৰি কৰা বস্তু নহয়
অন্তৰৰ নিভাজ আৱেগ।
সকলোকে এই বন্ধুত্বৰ এনাাজৰীৰ মাজত ৰাখিব বিছাৰো।
তোমাৰ বন্ধুজন জানো মোৰো বন্ধু নহয়।
তেন্তে কিয় মনত তুমি
ভাৱি ল'লা যে মোৰ
বন্ধু হ'লে তোমাৰ পৰা আতৰি যাৱ বুলি।
যদি তুমি বন্ধুৰ মৰম দিছা নিশ্চয় থাকিব।
আজি সেয়ে হয়তো তোমাৰ অন্তৰৰ পৰা আতৰি যোৱাৰ প্ৰতিশ্ৰুতি দিলা
এবাৰো মোক নুসুধিলা ৰঙীন পৃথিৱী খনৰ পৰা
ৰঙীন পৃথিবী খনৰ পৰা আতৰাই দিলা।
বুকুত কিছুমান বিষাক্ত বীজ লৈ কিয় জীয়াই,আছা
ভালপোৱা কাক কয় তুমি আজি ও নাজানিলা।
তোমাক কেতিয়াও আদৰি ল'ব নোৱাৰো জানা
কাৰন তুমি আৱৰ্জনা বুলি ভাৱিছিলা মন যাৱ থুপাই থ'বা
আৰু মনগ'ল তুমি দলিয়াই দিলা।
[2/13, 8:08 PM] Dhanti Saikia: ✍দুখৰ সংসাৰ ঃ
🖊ধনটি শইকীয়া
জীৱনটো জটিলতাৰ
সমষ্টি
সংগ্ৰামক নেওচি গৈ
যুজ কৰি
সফলতা পোৱাৰ দিশ
সচাই
সেই সময় মধুময় ।
সংসাৰ
মাথো মায়াময়
জীৱনৰ
যাত্ৰাত সুন্দৰতা ৰ
খোজ থৈ
সফলতাক লগ ধৰি
পাৰ হোৱা
কন্টকময়ী পথ ।
অচল পথো
সুগম হৈ পৰিব
জীৱন মধুময়
হৈ পৰিৱ।।
[2/13, 8:22 PM] Dhanti Saikia: ✍সংগ্ৰামী জীৱনঃ
🖊ধনটি শইকীয়া
বিজয়ী হোৱাই জীৱনৰ
ব্ৰত নহয়
যদি সংগ্ৰাম কৰিব
নিশিকা
প্ৰথমে যদি কষ্ট ক
সাৱতি নোলোৱা
সুখৰ মাদকতা বোৰ
ক'ত থাকিব।
বুজি নাপাবা সময়ক
বুজি নাপাবা জীৱনটোক
দুখৰ মাজত
সুখ থাকে সচা
কিন্তু
সেই সুখৰ স্মৃতি বোৰ
হেৰাই গ'লে
পাহৰি যাৱা নেকি
জীৱনৰ প্ৰাসংগিক বোৰ।
সেয়ে জীৱনৰ যাত্ৰা
আৰম্ভ কৰা দুখৰ মাজেৰে
সুখ মাথো আহিব
ৰেঙনি তুলিব
জীৱনৰ ৰঙ বোৰে কাষত
নাচি থাকিব।
অপেক্ষা মাথো
সংগ্ৰামী সুখৰ জীৱন।
Comments
Post a Comment