তুমি মোৰ আজন্ম প্ৰেমিকা …

তুমি মোৰ আজন্ম প্ৰেমিকা …
✍🏻 সপোন নিবিড় জোনাক ! !
""""""
তোমাৰ ওঁঠৰ মোহনাত আহি থমকি ৰৈছিলো
শুনিছিলো তোমাৰ যৌৱনৰ বনগীত ! !
তোমাৰ দূভৰিৰ নূপুৰৰ ছন্দত সাৰ পাই উঠিছিল
নিথৰ আবেলিবোৰ , পল্লৱিত হৈছিল এমুঠি ৰূপালী জোনাক
আৰু সাৰ পাইছিল
মোৰ দুচকুৰ ৰঙা নীলা বহু সপোন ! !
তুমি আহিছিলা
মোৰ নিজান নিৰৱ নিঃসঙ্গ দুপৰীয়াবোৰত
মোৰ ওঁঠৰ হেঙুল দুপাৰ চুবলৈ …
লগত আনিছিলা
মোৰ জীৱনৰ হেৰুৱা ছন্দবোৰ …
তোমাৰ আচলত নাচি উঠিছিল মোৰ সেইজীয়া স্বপ্ন
আৰু বাৰে বাৰে কৈছিল…
তুমি হেনো মোৰ আজন্ম প্ৰেমিকা ! !

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…