আবতৰীয়া প্ৰশ্ন

• আবতৰীয়া প্ৰশ্ন •
তোমাক এতিয়াও সুধিব মন যায়
আনৰ নামত সেঁওতাত সেন্দুৰ পিন্ধোতে এবাৰলে হ'লেও কঁপি
উঠিছিল নে তোমাৰ আঙুলি ?
মাজনিশা শোৱাৰ পাটিত সপোন আঁকোতে এবাৰলে হ'লেও
মনত পৰিছিল নে
আমাৰো যে এটা সপোন আছিল ?
উচপিচনিবোৰত বুকুৰ আঁচল খহি পৰোতে ভাবিছিলানে আমি
ফোনত পাৰ কৰা জৈৱিক স্পৰ্শবিহীন উজাগৰী নিশাবোৰৰ কথা ?
ৰাতি দুইবজাত স্বামীলৈ অহা কোনোবা অচিনাকি নাৰীৰ
ফোনক'লে কঁপাই তুলে নেকি তোমাৰো বুকুৰ বিশিপ্ত
কোণ...
নে গিৰীয়েৰাৰ নাইট পাৰ্টিবোৰত তুমিও সমানেই বিলাসী সুৰাৰ
উন্মাদনাত ভাগ লোৱা ?
ককটেইলৰ এটাৰ পিছত আনটো চট লোৱাৰ পিছত পাহৰি যোৱা
নেকি ঘৰত কাম কৰা 'বাই'ৰ ওচৰত থৈ অহা তোমাৰ ন'মহীয়া
কেঁচুৱাটোৰ কথা ?
স্বামী বন্ধুৱে দুৰুল খোৱা জিভাৰে শ্লিভলেচ ব্লাউজৰ
ফাঁকেৰে জিলিকি উঠা তোমাৰ সৌন্দৰ্য্যখিনিৰ প্ৰশংসা কৰোতে
ধিক্কাৰ জন্মে নে কৰ্পৰেট জীৱনটোৰ ওপৰত ?
গিৰীয়েৰাৰ অৱৰ্তমানত নিসংগতাত ডুব যায় নে কোনোবাটো
শিমলু ফুলা সন্ধিয়া ..
তেওঁ "আউট অব চিটি"ৰ কোনোবা বিজনেচ মিটিংৰ ব্যস্ততাত পাহৰি
যায় নেকি বিবাহ বাৰ্ষিকী নতুবা মাহেকীয়াৰ দিন বাৰ..!
সচাঁ কৈছো তোমাৰ চুলিৰ ল'ৰিয়েল কন্ডিচনাৰৰ সুবাসে এতিয়াও
মোক পাগল কৰে,
এতিয়াও নিজক হেৰুৱাই পেলাঁও আবেলিৰ আবতৰীয়া বৰষুণজাকত..
বৰষুণৰ প্ৰতিটো টোপালত তোমাৰ উস্ম উশাহ নিশাহ বোৰত
শূন্যতা
মাথোঁ শূন্যতা ।

📝নৱজিৎ

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…