তুমি আহিবা বুলি

✍তুমি আহিবা বুলি✍

তুমি আহিবা বুলি
আকুলতাৰে বাট চাই থাকো
লক্ষ্য মাথো তুমি,

তুমি আহিবা মনৰ পিঁয়াহ আঁতৰাবা
হেপাহৰ দলিছাত
বঢ়ি কোমলহাতেৰে আদৰিম তোমাক,
মনৰ পাত্ৰ নভৰালৈকে।

সম্পুণৰ্তাৰ পৰিপ্ৰাপ্তিৰ
লগে লগে তোমাক চিঞৰিম
আহা  সময় হ'ল
এই সময় নাথাকে আৰু ৰৈ।

হুমুনিয়াহ কাঢ়ি উলাই যাম
পদুলিৰ মুখত ৰৈ মনৰ পাত্ৰটি উবুৰুয়াই চাম
পিঁয়াহ ৰ পানীটুপি মৰমৰ বুকুচাত আকোঁৱালি ল'ম।

হেপাঁহৰ নদীখন শুকাই গ'ল
কিমান আৰু বাটচাম
আজি আহিলা ভালেই কৰিলা
লগৰ জনক মাতি তোমাক
আদৰনি জনাম ।

ই মোৰ সপোন নহয় অ'
বাস্তৱৰ ৰেঙনি
আকুলমনটিক কেনেকৈ বুজাওঁ
তুমি মোৰ আপোন বুলি
উদুলিমুদুলি মনটো চোৱা, খিৰিকি খুলি কেনেকৈ মেলিছে ঢাপলি
উন্মাদ মনে নুবুজে বুজনি।
তুমি অহাৰ বাতৰি পাই ফুলিছে
মাধৈ মালতি আৰু তগৰজুপি
কাঁইটিয়া গোলাপৰ কলিটিয়ে কেনেকৈ পাঁহি মেলিছে
সন্ধ্যাৰ বুকুত সৰিয়ঁহৰ হালধীয়া বুলে কেনেকৈ তৰাৰ লগত কথা পাতিছে।

আজি তুমি নাই সন্ধ্যাৰ শেৱালিৰ সুৱাঁসো নাই
আছে মাথো নিৰ্জনতা
ঝিলি জনীয়ে চিঁচিয়াই যোৱা
হৃদয় স্পৰ্শি শব্দ
মৌনতাই আজি তাকেই গুনগুনাই।

Comments

Post a Comment

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…