সেউজী সপোন

⚡সেউজী সপোন ⚡
            🖋ৰাহুল দাস

ঝিৰি ঝিৰি জুৰিটি হৈ বৈ আহা মোৰ গানে গানে.....মেঘ মল্লা হৈ তোলা ৰাগিনী।

মোৰ প্ৰাণে প্ৰাণে....ভোমোৰা হৈ দি যোৱা প্ৰীতি দিক্ বলয়ৰ সীমা....মৌ মাখি হৈ দি যোৱা মোৰ প্ৰাণত।

অমিয়া মধুৰ পেৰা....আকাশী তৰা হৈ কৈ যোৱা বহু গোপন মনৰ কথা। বাৰিষাৰ এজাক বৰষুণহৈ টিয়াই নিয়া মোৰ হিয়াৰ প্ৰতিটো।

কোঠা....মদাৰৰ বুকুত দি যোৱা পলাশী বুকুৰ অযুত ভাষা। মেঘ মল্লাৰ নাচোনে কপাঁব ধৰণী সোণোৱালী সপোনে।

হাঁহিব আহি সেউজীৰ দুচকু ভৰি....নিৰাশাৰ মৰম ভূমিত আশা থাকিব এটি বালি ঘৰ সাজি। জীৱনে হাঁহিব আমাৰ সেউজীয়া সপোন বোৰক দেখি...|||

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন