বিশ্বাস ঘাটকতা

         বিশ্বাস ঘাটকতা

যিদিনা তুমি গুছি গৈছিলা
  মোৰ হ্দয়ৰ পৰা এখন অচিন গাওঁলৈ.......
মোৰ হ্দয়ত আৱৰি ধৰিছিল,
বান শুকাই গলে
  মাটিত ৰৈ যোৱা চামনি৷
শ্বাসৰুদ্ধ হৈছিল
         হিয়াৰ প্ৰতিটো অংগ
নি:শেষ হৈছিল
     জীয়াই থকাৰ বাসনা৷
ভাবিছিলো,
   তোমাৰ জীৱনে.............
মোৰ কোমলপতীয়া জীৱনলৈ আনিব
   এছাটি মলয়া বতাহ৷
কিন্তু তুমি গুছি গলা
   নুবুজি মোৰ প্ৰেমৰ ভাষা,
বুজাবই নোৱাৰিলো তোমাক......
মই মোৰ হিয়াৰ বতৰা
এতিয়াহে বুজিলো এয়া
        " বিশ্বাস ঘাটকতা"

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন