নতুন পূৰ্ণিমা

@ *নতুন পূৰ্ণিমা* @
            ✍স্বপ্ননীল শইকীয়া

গৌৰবৰ্ণ আজি জোনৰ মুখখনি
তুমি হৈ হাঁহিছে
তোমাৰ কথাকে পাতিছে
আকৌ তোমাৰ সপোনে আকৌ
পোখা মেলিছে......
অমাৱস্যাত যেন
পূৰ্ণিমা নামিল....
নতুনকৈ আকৌ মনে মনে
গুণগুণাই উঠিল.....
কবিতাৰ যেন এক
নৱ অধ্যায় লিখিছে.....
ভালপোৱাৰ হেঁপাহ জাগিল...
জোনাকত জিলিকিল
দুবৰিৰ নিয়ৰ...
চিক্ মিক্ চিক্ মিক্
কৰি উলাহত নাচিছে..
বাগৰি বাগৰি
সুখ বুটলিছে....
অভিমানী মন আকৌ
উন্মনা হৈ উৰিছে...
বাটৰ বাটৰুৱাই
আকৌ কৈ যায় ..…
শুন হেৰৌ.....
জোনে আকৌ সুশ্ৰীৰ মুখ দেখিলে.....

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…