এদিন এজন চতুৰ্থমানৰ ছাত্ৰক
এদিন এজন চতুৰ্থমানৰ ছাত্ৰক
তাৰ শ্ৰেণী শিক্ষকে প্ৰধান
শিক্ষকৰ ওচৰলৈ লৈ গ'ল।
প্ৰধান শিক্ষকে ছাত্ৰ জনক
সুধিলে “তোমাৰ ঘৰত কোন
কোন আছে ?”
.
ছাত্ৰজনে তলমুৱা কৰি
সেমেনা সেমেনি কৈ উত্তৰ
দিলে‚ “মই আৰু মোৰ মাঁ”।
.
ছাত্ৰজনৰ কথা শুনি প্ৰধান
শিক্ষকে এটুকুৰা কাগজত
ছাত্ৰজনৰ বিধৱা মাতৃলৈ
বুলি এখন পত্ৰ লিখি দিলে।
আৰু ছাত্ৰজনক ক'লে যে “এই
পত্ৰখন তোমাৰ মাক দিবাগৈ
‚ মোৰ বিস্বাস যে তুমি পত্ৰ
খন যোৱাৰ বাটত খুলি নপঢ়া।”
.
ছাত্ৰজনেও পত্ৰখন অহাৰ
বাটত বাধ্য ছাত্ৰৰ দৰে খুলি
নপঢ়িলে আৰু বিদ্যালয়ৰ পৰা
আহিয়েই মাকৰ হাতত প্ৰধান
শিক্ষকে দিয়া চিঠীখন তুলি
দিলে।
.
মাকে পত্ৰখন একান্ত মনেৰে
পঢ়িলে পঢ়ি পঢ়ি মাকৰ দুই
চকুৱে লোটক বাগৰিৱ
ধৰিলে। মাকৰ কান্দোন
দেখি ছাত্ৰজনে মাকক
সুধিলে‚ “মা ইয়াত কি লিখা
আছেনো তুমি কান্দিছা
যে ?
.
পুত্ৰৰ কথা শুনি মাকে চকুৰ
চকুপানী মুচি মুচি কাগজখনত
কি লিখা আছিল ক'লে "মোৰ
সোণতো ইয়াত তোমাৰ
প্ৰধান শিক্ষকে লিখিছে
যে‚ আপোনাৰ ল'ৰা বহুতেই
জিনিয়াছ হয়, আমাৰ
বিদ্যালয়ত আপোনাৰ ল'ৰাক
শিক্ষা দিব পৰাকৈ কোনো
প্ৰশিক্ষিত শিক্ষক নাই,
পাৰিলে আপুনি নিজেই ঘৰত
শিক্ষা দিয়ক" !!
.
মাতৃয়ে চিঠীখসন আলফুলে
আলমাৰীত সুমুৱাই ৰাখিলে।
এসাজ খায় এসাজ লঘোনে
থকা মাতৃ বহুত চিন্তাত
পৰিল। টকা পইছাৰ অভাৱত
পুত্ৰক আন এখন বিদ্যালয়তো
নাম লগাই দিব নোৱাৰিলে
‚ কিন্তু মাতৃ গৰাকীয়ে পুত্ৰক
নিজেই পঢ়োৱাৰ দায়িত্ব
কান্ধ পাতি ল'লে। আৰু দিনে
ৰাতিয়ে পুত্ৰক পঢ়োৱাত
মনোযোগ দিলে। লগতে পুত্ৰক
কেৱল পঢ়াত মনোযোগ
দিবলৈ প্ৰতিদিনে ক'বলৈ
ধৰিলে।
.
লাহে লাহে পুত্ৰ ডাঙৰ হ'ল
আৰু নিজেই উপাৰ্জন কৰি আন
এখন বিদ্যালয়ত শিক্ষাগ্ৰহন
কৰাৰ উদেশ্যে নামভৰ্তি
কৰি ল'লে।
.
তাৰ কেইদিন মানৰ পিছতে
ছাত্ৰজনৰ মাতৃৰ বিয়োগ হ'ল,
মাতৃৰ বিয়োগৰ শোকত
ছাত্ৰজন ভাগি পৰিল যদিও
দুগুন উৎসাহেৰে মাতৃয়ে
তেওঁক বাৰে বাৰে পঢ়াত
সফল হ'বলৈ কোৱা কথাবোৰৰ
বাবে নিজৰ অধ্যয়ন আগবঢ়াই
নিলে !!
.
এনেদৰে সেই ছাত্ৰজনৰ জীৱন
পৰিক্ৰমা আগবাঢ়ি গ'ল।
ছাত্ৰজনৰ শিক্ষাৰ গ্ৰহনৰ
উদেশ্যত সফল হ'ল আৰু এজন
সুযোগ্য ব্যক্তিলৈ
ৰূপান্তৰিত হ'ল।
.
এদিন তেওঁ ঘৰৰ পুৰণা
আলমাৰীতো চাফা কৰিবলৈ
লওঁতেই, প্ৰধান শিক্ষকে
মাতৃলৈ বুলি লিখা সেই
পত্ৰখন পালে। তেওঁ নপঢ়ো
বুলি ভাৱিলেও যদিও মনৰ খু
দুৱনি দমাব নোৱাৰি কাগজৰ
টুকুৰাতো মেলি ল'লে,
কাগজৰ টুকুৰাতোত লিখা
আছিল‚ “আপোনাৰ পুত্ৰ
জধামূৰ্খ সি একোৱেই
নাজানে, মোৰ ধাৰণাত সি
আমাৰ বিদ্যালয়ত পঢ়িব পৰা
যোগ্যতা নাই, সেয়েহে
আপোনাৰ পুত্ৰ আৰু আমাৰ
বিদ্যালয়লৈ আহিব
নালাগে”!!
.
কাগজৰ টুকুৰাতো পঢ়ি
ছাত্ৰজনে বহু সময় হিয়াঁ
ধাকুৰি কান্দিলে আৰু নিজৰ
মাতৃক মনত পেলাই চকুলো
নিগৰাই মাতৃৰ ত্যাগক
উপলৱদ্ধি কৰিলে‚ ক্ষন্তেক
সময় মৌন হৈ ৰৈ ছাত্ৰজনে
নিজৰ ডায়েৰীত লিপিৱদ্ধ
কৰিলে এইবুলি…
.
.
.
“এগৰাকী মহান মাতৃয়ে এটা
জধামূৰ্খ সন্তানক
বিনাস্বাৰ্থত, পৃথিৱীৰ
বিখ্যাত বৈজ্ঞানীক ৰূপে
তৈয়াৰ কৰি এতিয়া
মৌনতাৰে সেই সন্তানৰ
কাষৰ পৰা মেলানি
মাগিলে আৰু সমগ্ৰ পৃথিৱীক
ৰাতিৰ অন্ধকাৰৰ বাবে
আলোক উপহাৰ স্বৰূপে দি গ'ল
”!!
.
হয় এইজন জধামূৰ্খ ছাত্ৰই
আছিল পৃথিৱীৰ বিখ্যাত
বৈজ্ঞানীক থমাছ আলভা
এডিছন যাৰ সন্ধানৰ
ফলশ্ৰুতিত আজি সমগ্ৰ
পৃথিৱী বিজুলী বাটিৰ
আলোকৰ তলত।
.
.
নৈৰ সমান ব'ব কোন… আইৰ
সমান হ'ব কোন… আইৰ বুকুৰ
মাজতে আছে সংসাৰৰ সমস্ত
সফলতা।
Comments
Post a Comment