ভয়
ভয়
""""
!! !!
আলফুল তুমি জানানে
মোৰ মনত এতিয়া যে এটি অজান ভয়ে বাঁহ বান্ধিছে…
তোমাক হেৰুৱাৰ ভয়ে মোক নিতৌ খুলি খুলি খাইছে …
ৰাতিৰ সপোনতো তোমাক হেৰুৱাৰ ভয়ে মোক পিছ নেৰে…
ভয়ে ধূসৰ কৰিছে মোৰ হৃদয়খন…
কেনেকৈ থাকিম মই আলফুল তোমাক হেৰুৱালে…
তোমাৰ অজানিতে যে তোমাক মই ভালপাই পেলালো…
মোৰ মনৰ কোঠালীত তোমাৰ ছৱি আঁকিলো…
মোৰ জীৱনৰ ঠিকনা এতিয়া তুমি আলফুল…
তোমাৰ মাজতে যেন মই জী আছো …
""
""
🖋 চুম দত্ত
Comments
Post a Comment