শিকলি
* শিকলি*
কি কথা ক'বলৈ আহিছা ?
নালাগে বুলি কোৱা নাই নেকি মই? কোনো কাৰণত যাব নোৱাৰা ।
"প্লিজ জিতু প্লিজ- "
কোনো প্লিজ নাই ।
তুমি মোৰ বাগদত্তা;
মোৰ কথা শুনিবই লাগিব তুমি ।"
কিন্তু তেওঁ যে মোৰ মা জিতু প্লিজ ।
মায়ে মোক লগ ধৰিছে বাবেহে!!
"ন' নেভাৰ "-
ফোনটো কাটি দিছিল সি।
এক প্ৰচণ্ড ধুমুহাৰ অন্তত
তাই মাকক কৈছিলহি-
"আজি নহ'লে বজাৰলৈ
নাযাওঁ দিয়া মা ।
গাটো অলপো ভাল লগা নাই।
একেষাৰতে মান্তি হৈছিল মাক।
কিয়নো মাক যে মমতাময়ী।
হুক হুকাই কান্দিছিল পাপৰিয়ে
গাৰুটো সাৱতি তাই
মাথো ভাবিছিল-এইয়া কেনে প্ৰেম ?
নে এইয়া বান্ধোন? শিকলি?
একো শব্দই বিচাৰি নাপালে তাই এই সম্পৰ্কৰ নামকৰণ কৰিবলৈ।।
হিতাংগ
Comments
Post a Comment