এখনি ঊকা ছবিঃ

✍এখনি ঊকা ছবিঃ

    🖊ধনটি শইকীয়া,,,

বুকুত সাৱতি লোৱাৰ
      দিন ধৰি
বুকুৰ মাজত     ৰাখিছিলো
   তোমাৰেই ছবি।
  ভৱা নাছিলো ছবিত
বুলোৱা ৰঙ বোৰে
   এটি হাঁহি মাৰি
বতাহৰ লগত উৰি যাব
সেই স্ফুৰ্তিত ৰংবোৰ
    হেৰাই যাৱ
থাকি যাৱ ঊকা হৈ
    এখনি ছবি।

য'ত চিহ্নিত হৈ ৰ'ব
   দুখ বোৰ দুখ বোৰ
আতৰি যাব সুখৰ ৰঙবোৰ।
দুখৰ ৰঙবোৰে  বুকুত
খুন্দিয়াই খুন্দিয়াই
হাজাৰ জনৰ
সুখৰ ৰঙবোৰ নিথৰ কৰি থৈ যাব স্মৃতি ।

সেই স্মৃতিবোৰে মন বননীত দুলা দি
বাৰিষাৰ যোৱাৰ তুলিব,
ধুমুহা বতাহ আহিব
বিজুলী ঢেৰেকনিৰে
এজাক বিষাদৰ বৰষুন
নামি আহিব।
সেই বোৰৰ লগত
মিলি যাব মনৰ ভাববোৰ
নিকা কৰি যাব সুখবোৰ
মাথো ৰৈ যাব মনৰ দুখবোৰ।

কিয়নো আহিছা এনে এজাক ধুমুহা
সুস্থমানসিকতাক ধ্বংস কৰি,,
মনৰ হেপাঁহবোৰ নাইকিয়া কৰি
কোঙা কৰি গ'লা মাথো শৰীৰ,
মধুৰ ৰসেৰে জৰ্জৰিত
জীপাল বুকুখন
শুকান কৰি ।
কিয় আতৰি গ'লা তুমি।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…