কবিতাৰ এক নতুন অধ্যায়

@ *কবিতাৰ এক নতুন অধ্যায়* @

         ✍স্বপ্ননীল শইকীয়া

পূব দিশৰ পৰা বলিছে
এইজাক ফাগুনী পছোৱা
নে বসন্তৰ ধুমুহা.......
শিল দল ভাঙি আহিছে......
খুন্দিয়াই খুন্দিয়াই
জগাই দিলে
পাহাৰ হৈ শুই থকা
শিল তোক.…...
নীল আকাশৰ বগা ক'লা ডাৱৰ বোৰ
নিথৰ হৈ ৰৈ আছিল
বতাহৰ অভাৱত...
আকৌ কৰিছে আজি ইফাল সিফাল.....
এইজাক শাওনী বৰষুণ হৈ....যেন
হৰ হৰাই ঢালিছে....
শুকান মৰুভূমিক জীপাল কৰাৰ প্ৰয়াস......
ৰুইছে এটি আশাৰ পুলি....
প্রেম বৃক্ষৰ  ছায়াত দিছে জিৰাবলৈ ....
বৈদ্যশাস্ত্ৰ জ্ঞানেৰে যেন ঘা বোৰ শুকুৱাইছে...
সুশ্ৰী হৈ শীতল কেশেৰে মেৰিয়াই
ধৰিছে …
আকৌ যেন হামখুৰী খাই নপৰো তাৰেই চাগে চেষ্টা.....
অতীতৰ ক'লা তেজ বোৰক উটুৱাই নিছে....
গৌৰবৰ্ণ যেন আজি জোনৰ মুখত.....
যেন এক অচিন চিনাকীৰ মাজেৰে.....
চাপ মাৰি গোলাপী বাণ এৰিছে
লিখিছে  যেন নতুন অধ্যায়....
মোৰ ভাল লগা বোৰৰ সমাহাৰ সেইয়া
মোৰ হেঁপাহৰ কবিতা....
নৱ জীৱনৰ আৰম্ভণিতে লিখিলোঁ
এইয়াই মোৰ নতুন অধ্যায়ৰ কবিতা.........

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…