এটি বিষাদৰ সুৰ

✍এটি বিষাদৰ সুৰ
      🖊ধনটি শইকীয়া

আকোলতাৰ কণ্ঠত
বাজি উঠে বিষাদৰ
     এটি সুৰ।
সেই সুৰৰ তানত
  ভাঁহি উঠে ভগ্ন হৃদয়ৰ
কৰুন গুনগুননি।

আপোন সুৰত স্মৃতিক
স্মৰি আপোন জনৰ
গাই যাই মধুৰ কীৰিতী
অনুভৱী কন্ঠত জীপাল
মাথো বিষাদৰ স্নিগ্ধ ৰেঙনি।

সোঁৱৰণিবোৰ পাহৰণিৰ
গৰ্ভত হেৰাই গ'ল।
সেই অতীতে দুলা দিয়া
মনৰ খলকনি বোৰ
ভাঁহি আহে আকোল কণ্ঠত।

তুমি আহি সন্ধ্যা
জীপাল কৰা,
দুবৰীৰ দলিছাত
দুভৰি থৈ জোনাকী
পৰুৱা জাকৰ লগত
মিলি যোৱা ক্ষনবোৰ

সোনোৱালী ৰঙেৰে
তৰাৰ লগত চকুৰ টিপত পতা কথাবোৰ
মনলৈ আহে
তাৰেই গুনগুননি
    ভাঁহি আহে
   আকোল কণ্ঠত।

তুমি যেতিয়াই আহা
এজাক সুখৰ বৰষুন
     নামি আহে
      সৰগৰ পৰা।
সৰগি সুখৰ স্মৃতিবোৰ
আজি হেৰাই গ'ল
যেতিয়া তুমি অভিমান
কৰি আতৰি গ'লা।

আজি, এজাক দুখৰ বৰষুন নামি আহিল অনুভৱৰ বিষাদিত দলিছাত।
সেই জাক বৰষুন সৰগৰ পৰা নামি অহা নাই
নামি আহিছে হৃদয়ৰ পৰা চকুলোৰ এজাক
বৰষুন।
টোপাল টোপাল কৈ
পৰি যাই শৰীৰৰ প্ৰতিদাল সিৰাত
স্মৃতি বোৰ মাথো
আজি ধোঁৱা বৰনীয়া।
আকোল কণ্ঠত বাজি উঠে বিষাদৰ কঁপনি তুলি
হৃদয়ৰ কোনোবা কোনত বাজি থাকে ভাষাবোৰ ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…