দুখৰ ফাগুন

✍দুখৰ ফাগুনঃ
🖊
    ধনটি শইকীয়া

ফাগুন নাহিবি তই
      মনৰ মাজত
জ্বলি থকা
       জুইকোৰাত ঘিঁউ
নাঢালিবি তই।

মাঘৰ জুইয়ে পুৰা ঘা
শুকোৱাৰ অৱকাশ নাই
আজিও মনত পৰিলে
        সেইজুইকোৰা দপদপকৈ জ্বলি
  জীপাল বুকু খনি
ছাঁই কৰি দিয়ে।

তুমি আতৰি গৈছিলা
       সেই দিনা
মনত পুহি
    ৰখা  সপোনবোৰ
দুহাতেৰে দলিয়াই।
       আৰু
আশাবোৰ ভৰিৰে
    গচকি মোহাৰি
মাথো আতৰি গ'লা।
  কাৰোৱাৰ মনত
দুখ দি কাৰোৱাক
   আদৰি ল'লা।

ফাগুন ফাগুন লগা
সময়বোৰ
    ফাগুন ফাগুন
লগা মনটি
  বুকুত এজাক
         বেদনা দি
ফাগুনৰ পছোৱা জাকৰ
লগত মিলাই দিলা মোক।

ফাগুন মাথো মনৰ উল্লাহ,
  সেই ঊল্লাহ আজি নাই।
  ফুলা নাই মদাৰ
ফুলা নাই পলাশ
ফুলাৰ পাপৰি বোৰচোন
মোৰ বাৱে সৰি পৰিল।
মনৰ সপোন বোৰ চোন
খহি পৰিল।

কঁঠালে মলিয়ালে,,
   প্ৰকৃতিৰ বুকুত তেজ
আহিলে
প্ৰকৃতি আজি উন্মনা
প্ৰেমৰ ৰাগীত জীপাল।
মোৰ মনত কেতিয়াও
ফাগুন নাহে
কাৰন তুমি মোৰ
উন্মনা মনটো কাঢ়ি লৈ গ'লা।
সজীৱ বুকুখন আজি
শীতল ।
ফাগুনৰ পছোৱাই
শীতল কৰি পেলালেমোৰ নিথৰ শৰীৰ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…