বহুত দিনৰ মুৰত দেখিছিলো

✍বহুতদিনৰ মুৰত দেখিছিলোঃ

বহুদিনৰ মুৰত তোমাক
আৱেলি অহা মলয়া জাকৰ লগত
মুক্ত মনেৰে ঘূৰি ফুঁৰা দেখিছিলো।

তোমাৰ উন্মনামন ,চঞ্চল
খোজৰ লহৰত উতলা যৌৱনে নাছিছিল।

আকাশৰ ৰংবোৰ তোমাৰ শৰীৰত পৰি
জিলিকি উঠিছিল
এক মিঠা আৱেগত।

আৱেগে দুলনি দিছিল
ভাৱ বোৰে দিঙামেলি দিছিল।
তোমাৰ প্ৰেমৰ সুৱাসে শীতলাই দিছিল মন ,
লাজুকীয়া চাৱনিৰে তোমালৈ চাই থাকিলো,
দেখিলো তোমাৰ মিচিকি হাঁহিত প্ৰেমৰ উতলা ফাগুনে ৰিঙিয়াই মাতিছিল ।

ওচৰৰ পৰা চোৱাৰ হেপাঁহ জাগিছিল কিন্তু যাৱলৈ ধৰোতে তুমি মনত প্ৰেমৰ জোৱাৰ তুলি নিমিষতে হেৰাই গ'লা ।

তুমি সময় মাথো প্ৰেমৰ ,
মনত আৱেগ তুলি হেৰাই গ'লা স্মৃতিৰ কোলাত আকৌ এবাৰ তোমাক লগ পোৱাৰ হেপাহ থাকিল ,
সপোন বননীত যৌৱনৰ দূপৰ বেলা।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…