ত্যাগৰ আলিংগন

::ত্যাগৰ আলিংগন::

সময়ে জানো জানে
কেনেকৈ মই আগবাঢ়ি গৈছো
সপোনেও নাজানে বাস্তৱৰ মধুৰতা কিমান
কোনে জানে মৰমৰ আকুলতাই যেন এদিন থমকি ৰ'ৱ লৈ শিকাৱ।

সেইজনেই মহান যিজনে
দুখক নেওচি আনক
হাঁহি বিৰিঙিয়াব
এইটো যে কঠিন
আনৰ দুখ বুজি পোৱা
মানুহ সমাজত বিৰল।

শ্ৰেষ্ঠতাৰ শিখৰত উঠিৱ
পৰাজনে জানে
শ্ৰেষ্ঠ হ'ৱলৈ কিমান
কষ্টকৰ
তথাপিও থমকিৱ নিদিয়ে
সফলতাৰ মাপ মাঠি।

জংকি পানৈ নহয় মই
প্ৰেমৰ বানত পৰি
নিজক হেৰুৱাই দিৱলৈ
বোৱতি নদীক কোনে বাধা
দিৱ পাৰে
সেই মুৰ্খামীও কৰিৱ নাযাও
মাঠো আজি চেস্টা কৰো
প্ৰেমৰ বোৱতি সুঁতিক
বাধা দিৱলৈ।।

সময়ৰ বালিত খোজ দি
থৈ যাওঁ নিজৰেই চিন
তথাপিও কিয় আজি
লুকুৱাবৰ মন
এইয়াই নেকি বাস্তৱ জীৱনৰ সমৰ্পিত ক্ষন
নিষ্ঠূৰ জীৱনৰ
ত্যাগৰ আলিংগন।।

              ধনটি শইকীয়া

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…