ঊকা কপাঁলত আঁকি দিম জোনঃ
✍ঊকা কপাঁলত আঁকি দিম জোনঃ
🖊ধনটি শইকীয়া,,,
তোমাক পাই
হেৰুৱাবৰ মন নাই
তুমি যিয়েই নোহোৱা
মোৰ সপোনৰ
ৰঙবোৰ তুমি।
তোমাৰ মৰমতে
উতলা মোৰ মন
আজি মন মাথো ফাগুন ফাগুন।
তুমি আতৰি জানো
সুখী হ'বা
কাৰোবাৰ মৰম
বুটলী
কিয় পেলনীয়া
হ'লা।
তোমাক সাৱতি ল'ম
অংকিত কৰি
জোনৰ ৰূপালী ৰঙ।
উৰণীৰ তলত
লাজুকী চাৱনেৰে
গুজি দিম
হেঙুলীয়া ৰশ্মি
উকা কপালত
মধুৰ আৱেগত।
তুমি মাথো মোৰ
আজীৱন লগৰী
জীৱন মৰনৰ।।
Comments
Post a Comment