নগ্নতাৰ প্ৰতিচ্ছবি

📝নগ্নতাৰ প্ৰতিচ্ছবি
   🖊ধনটি শইকীয়া

   নগ্নতাৰ প্ৰতিচ্ছবি
ভাঁহি আহে দুচকুত
পৰিস্ফুত হয় সভ্যসমাজত।

সভ্যতাৰ মুখা পিন্ধা
ভদ্ৰসমাজত
কোনে আঁকিলে
অসভ্যতাৰ চবি।

নগ্নকোন আদিম সমাজ
        নে,,,,,,
আজি সৃষ্টি কৰা
অমানবীয় চিন্তা ধাৰাৰে
আগবাঢ়ি যোৱা
ধৰ্ষিত সমাজ।

মৌলিকতা পাহৰি
উলংগ হ'ব ধৰা
সভ্যসমাজে বুজিব নে
নগ্নতাৰ প্ৰতিচ্ছবি ।
সত্য হ'ব নেকি
ডাৰউইনৰ সুত্ৰ।

এক প্ৰশ্ন
সচাকৈ আমি
নগ্ন হ'ব গৈছো নেকি?

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…