প্ৰকৃত বন্ধু
বন্ধু তুমি কি ভাবা
মই কি ভাবিম কোৱা?
তুমি যদি ভাৱিব বাধ্য কৰা তেতিয়া হয়টো ক'ম।
বেয়া ভাষাৰে বহু প্ৰতিশ্ৰুতি দিম
বেয়া ভাষাৰে গৰিহনা
দিম ।
তুমি বেয়া পালে নহ'ব
কাৰণ আমি বন্ধু।
নিজৰ বুলি যাক আকোঁৱালি ল'ব পাৰি
নিজৰ বুলি ভাবি সকলো কথা বিৱৰি ক'ব
পাৰি ।
তেওঁৱেই নেকি বন্ধু।
আৰু তুমি নিজৰ বুলি নাভাবা তেতিয়া বন্ধু গুছি শত্ৰু হ'ব।
সেইয়া জানো সম্ভব।
শত্ৰু জনক কি বুলি ভাৱিবা।
যদি তুমি প্ৰকৃত বন্ধু,
শত্ৰুকো বন্ধুৰ দৰে মৰম কৰিবা
কোনো নাথাকিব
শত্ৰু
দেখিবা সকলোৱেই বন্ধু।
বন্ধুৰ এনাজৰী দাল বুলে শৃংখলা বদ্ধ।
হয়নে নহয় বাৰু?
তুমি বন্ধুত্বৰ এনাজৰীদাল শৃংখলাবদ্ধতাৰে জীয়াই ৰাখিবানে ।
কোৱা পাৰিবানে তুমি?
নে নোৱাৰা।
Comments
Post a Comment