সপোন তেতিয়া দেখিবা জোনালী যেতিয়া হৃদয়

সপোন তেতিয়া দেখিবা জোনালী যেতিয়া হৃদয় নামৰ হৃদয়খন এদিন হৃদয়ৰ গলিত হেৰাই যাব...!
সপোন তেতিয়া দেখিবা, যেতিয়া মনআকাশত এদিন হুমুনিয়াহবোৰ উলমি থাকিব..!
সপোন তেতিয়া দেখিবা, যেতিয়া সম্পূৰ্ণ পৃথিৱীত এদিন অসম্পূৰ্ণ হৈ ৰবা তুমি....!
সপোন তেতিয়া দেখিবা, যেতিয়া প্ৰেমৰ আপেলবোৰ এদিন অপ্ৰেমৰ পুখুৰিত সৰি পৰিব..!
সেইদিনা হয়তো জোনালী
তুমি মুখেৰে নকলেও মনেৰে ক'বা..।।
তোমালৈ বৰকৈ মনত পৰিছে আজি...।।"

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…