অনুভবৰ দলিছাত তুমি
[3/5, 7:57 PM] Dhanti Saikia: ✍অনুভৱৰ দলিছাত তুমিঃ
🖊ধনটি শইকীয়া
হেৰাই যোৱা স্মৃতিবোৰ
অবুজবনত বিছাৰি চাওঁ
মনত পৰে কেতিয়াবা…
অনুভৱৰ দলিছাত শেতলী পৰা ক্ষন বোৰ।
তোমাক লৈ কত সপোন…আছিল
সপোনৰ ৰঙবোৰ
বুটলাৰ আশাত
উত্তাৱল হৈ পৰিছিল মন
আগবাঢ়ি গৈছিল বতাহৰ বেগত…।
দ্ৰুতি ইমানেই বেছি আছিল …
পাহৰি গৈছিলো সময়ৰ ঠিকনা…।
সন্মুখত এটি হিমালয় সদৃশ পাহাৰ
তাতেই খুন্দা খাই
ছিটিকি পৰিল গতিশীল মন অটল গহ্বৰত …।
ভয়ানক পিশাছ বোৰে চিঞৰি উঠিছিল চকু তেলেকা কৰি চাইছিল…
মৌন সময় …
আশাৰ জোনাক বোৰ হেৰাই গ'ল…
অন্ধকাৰ ৰাতি
যেন জোনাকতে আঁউসি মিলিল…।
নীলা জল ৰাশিয়ে তিয়াই গ'ল মন
চেঁচা চেঁচা লগা সময়…!
গভীৰতাৰ আৰ্তনাদে গভীৰ কৰি পেলালে
বিষাদৰ পৃথিৱীত বিষাদৰ বোকা…
জলজ শেলাইবোৰে মটীয়া ৰঙেৰে
জীপাল কৰিলে শৰীৰ।
বুকুখনত দুখৰ বুৰবুৰণি বোৰ
বুকবুকনি তুলি ওলাই আহিল
বাজি উঠিল
নিস্তেজতাৰ কৰুণ বিননী।
মনত পৰিলে সেই স্মৃতি…
জোকাৰ খাই নিঠৰ শৰীৰ …
আজিও জিলিকি আছে অনুভবৰ দলিছাত সেই ধূষৰ জোনাক।
[3/6, 1:09 PM] Dhanti Saikia: ✍মৰমী ঘাটত বহিঃ
🖊ধনটি শইকীয়া
নিস্পাপ এখন পৃথিৱী
…বৈ যাই এখন নিৰলস সাগৰ…
মৰমৰ পালতৰা নাওখন
মৰমী ঘাটেৰে অবিৰাম ভাৱে বৈ যায়।
বিশ্বাস ৰৈ থাকে পাৰত বহি কেতিয়া উভটিব আশাৰ নাওঁখনি।
ভাঁহি আহে নিৰিবিলি সন্ধিয়া এট বাঁহীৰ সুৰ।
প্ৰাণ পাই উঠে সুপ্ত কলিজা…
জিলিকি উঠে তন্দ্ৰাময়ী আচলত নিৰৱতাৰ
সংজ্ঞা।
কত পল অনুপল বাগৰি গ'ল
ঘূৰি নাহিল মৰমী ঘাটেৰে মৰমৰ নাওঁখন।
কোনো বালিচৰত কটাইছে দুখৰ জীৱন
নিসংগতাক আলিঙ্গন কৰি হেৰুৱাই জীৱনে প্ৰকৃত আচৰন।।
[3/6, 11:21 PM] Dhanti Saikia: ✍অবান্তৰ অনুভব
🖊ধনটি শইকীয়া
কিমান সময় আৰু ৰাতি পুৱাৱলৈ
আন্ধাৰৰ পৰা পোহৰলৈ
পোহৰৰ পৰা আন্ধাৰলৈ
দুৰত্ব কিমান……
কোনোবাই ক'ব পাৰিৱনে
হয়তো যুক্তি দিব
আকাশত চাঙ পাতি
ভাত ৰান্ধি খোৱাৰ দৰে। ………
কোনে বুজিব
মৰম নদীখন শুকাই গ'ল…
কিন্তু
হৃদয়ৰ পুখুৰিত
এতিয়া ও পানীৰ অভাব হোৱা নাই,,,,
মৰম আৰু হৃদয়ৰ মাজত দুৰত্ব …
কিমান………
পাৰিবনে ?
……কোনোবাই
ক"ব হয়তো
ই পাগল হ'ল ।
কি
অবান্তৰ প্ৰশ্ন ………?
যি ভোগ কৰিছে
যান্ৰনা
যাৰ হৃদ য় বিষাদেৰে ভৰি আছে সি হয়তো শুদ্ধ উত্তৰ দিব………
দুখ আৰু সুখৰ মাজত কি…মান পাৰ্থক্য।
[3/7, 8:36 AM] Dhanti Saikia: প্ৰেমৰ এক সিঁহৰণঃ
🖊ধনটি শইকীয়া
হৃদয়ৰ দুৱাৰ খন বন্ধ কৰি থ'লো
বহুতেই তক্ তকা্ই আছিল
খুলি দিলো এক অবুজ সিঁহৰণে দুলনি দিছিল…
বসন্তৰ বৰদৈচিলা জাকে
ভাঙি থৈ গ'ল সুখৰ পজাঁটি……
লঠঙা কৰিলে …
হৃদয়ৰ কোঠালি
জিলিকি পৰিল…
আশাৰ বকুল জোপী……
জোনাকেও হাঁহিলে
আজি তৰা গনিব পাৰি।
🙏🏽🙏🏽সু প্ৰভাত বন্ধু বান্ধবী সকল
[3/7, 9:24 AM] Dhanti Saikia: ব্যস্তজীৱনঃ
🖊ধনটি শইকীয়া
বুজাই বুজে
নুবুজাটোৱে ই সাঁথৰ…
দেউকা নাই উৰি ফুৰিবৰ মন…
পৰা হ'লে উৰিলো হেতেন…
সপোন দেখিছা…
ই কাল্পনীক নে
বাস্তবৰ ……
কল্পনা নদীত সাঁতুৰিছা …বৰ থিয় গৰা
যেতিয়া নামিবা
উঠাতো বৰ কঠিন।
চঞ্চল মনে নকৰে কি ?
নিবিছাৰে কি ?
মৰুভুমিৰ বালিত পানী
বিছাৰি এটুপিও নাপাওঁ
বিশ্বাস কিজানিবা পাওঁ…
নপটা ফুকনে নকৰে কি
মইয়েই ৰজা ওচৰত গৈ দেখিবা
ভিক্ষাৰী বেশ…
লাজত উৰণি টানি লুকুৱাব দেহ…।
ব্যস্ত নগৰীৰ ভদ্ৰসমাজত
কিহৰ চিঞৰ মাজনিশা
হয়টো সকলো ব্যস্ত।
ব্যস্ততাই মৌন কৰিছে
সময় আৰু অনুভূতিক।…
ভাষাবোৰ হেৰাই গ'ল
ব্যস্ত তৰংগত…
হেৰাই গ'ল স্মৃতি
বিকল মস্তিষ্কত।
[3/7, 10:53 AM] Dhanti Saikia: ব'হাগৰ নাচনীঃ
🖊ধনটি শইকীয়া
দুটি পাখি তোৰ এটি হাঁহি
জিলিকি ৰৈ উন্মনা ছবি
কজলা ৰঙ বোৰে বিয়পাই ব'হাগীৰ জুৰুনখনি……
মনৰ ভাৱনাবোৰ সাজি কাচি …
ৰঙৰ পিছত ৰংতুলি
হৈ পৰে ৰাংঢালী…
ব'হাগী নকন্যা ৰূপত আহানা সাজিকাঁচি…
সেন্দুৰৰ ৰঙ সানি
আঁকিম তোৰ শীৰৰ
উকা…কঁপাল খনি …
ৰঙেৰে বোলাৱ দিবানে
তোমাৰ …ৰঙালী
দেহাত…………
ৰঙৰ ফাঁকুগুৰি ……
বসন্তৰ জাননী পাই
কুলি কেতেকীয়ে গীত জুৰে
বিৰিখৰ কুমলীয়া পাতবোৰে নাচিব হালি -জালি …
কিমান যে ভাল লাগিব…!
ব'হাগৰ নাচনি……
নাচানা এপাক কঁকাল ভাঙি…
পেপাঁ…বাঁহীৰ লহৰত
ঢোলৰ চেঁৱত ঠেওঁ ধৰি।
Comments
Post a Comment