জীৱনৰ প্ৰকাশ
[3/8, 9:38 AM] Dhanti Saikia: জীৱনৰ প্ৰকাশঃ
🖊ধনটি শইকীয়া
তোমাৰ শিৰত আঁকি দিম ভোটা গজালেৰে এটি জোন …
জোনৰ পোহৰত জিলিকিব …কোন …?
পোহৰ কম প্ৰকাশ ভাল
সেইয়াই নেকি সুখৰ ভড়াল…।
যেতিয়া পাতলীয়া হাঁহি মাৰিবা ওঁথ জাপ খাই থাকিব …
চেহেৰা বিষাদৰ দৰে লাগিব …।
মনত হয়তো দুখৰ আলোড়নে জোকাৰি থাকিব…
কিন্তু মুখত হাঁহি বিৰিঙিয়েই থাকিব সেইয়াই নেকি দুখ?
যি সৃষ্টি কৰে মনৰ ভিতৰত ছূনামী…
অথচ প্ৰতিক্ৰিয়া
বিপৰীত।।
[3/8, 11:43 AM] Dhanti Saikia: নাৰী……
🖊ধনটি শইকীয়া
প্ৰকৃতিৰ জীয়ৰী তুমি…
তুমিয়েই পুৱাৰ ৰবি
তুমিয়েই সাহস
তুমিয়েই প্ৰকাশ
তুমিয়েই নম্ৰতাৰ প্ৰতীক।
তুমিয়েই সৃষ্টি কৰ্তা
তুমিয়েই পালন কৰ্তা
তুমিয়ে হৰ্তা কৰ্তা
তুমিয়েই এটি শিশুৰ সৎপথৰ পৰিচায়িকা
তুমিয়েই শক্তি
জীৱন দায়িনী
ত্যাগৰ প্ৰতিচ্ছবি।
নাৰী প্ৰকৃতাৰ্থ সত্য
সত্যতাৰ ভেটিত
গঢ়ি উঠা অংকুৰিত গজালি
তোমাক শতবাৰ কৰিছো প্ৰনাম
জনোৱা সকলোৱে সন্মান।
সন্মানৰ চকুৰে চোৱা
নাৰীক কলংকিত নকৰিবা
ধৰ্ষিতা নকৰিবা
নাৰীক মাতৃৰ চকুৰে চোৱা
মমতাৰ আচলত পাৰি দিব বৰপীড়া
তাতেই জিৰণী ল'বা
মোৰ অনুৰুধ
নাৰীক কলংকিত নকৰিবা।
নাৰী নহয় খেলাৰ পুতলা
অকনিৰ মনোভাবেৰে আঁকোৱালি লোৱা
নাৰীক নাৰীৰ মৰ্যাদা দিয়া।
[3/8, 9:10 PM] Dhanti Saikia: ব্যৰ্থজীৱনঃ
🖊ধনটি শইকীয়া
ব্যৰ্থ মই…
ব্যৰ্থ মোৰ দুভৰি…টৰকিবই নোৱাৰিলো,
কি ভুল কৰিলো।
এটা শিলত …
গোৰমাৰি দিলো,
সি চিতিকি বহুত দূৰত পৰিল
আৰু মই অচল হৈ পৰি থাকিলো।
চেতন পাই ইফাল-সিফাল কৰি
চাই দেখিলো ওচৰত এটা শিল পৰি আছে।
উঠিব ধৰোতেই …
পুৰণি বিষ বোৰে খামুচি ধৰিছে
যেন কোনোবাই মোক চাৰিও ফালৰ পৰা টানিহে আছে।
বহু চেষ্টাৰ অন্তত নিজৰ ভৰিত থিয় হ'লো।
আগবাঢ়িলো শিলটোৰ ওচৰলৈ…
শিলটো হাতত তুলি
দৃষ্টি নিক্ষেপ কৰিলো,
দেখিলো তাৰ হৃদয়ৰ স্পন্দন বোৰ…
কেলধোপ কেলধোপ কৰি উশাহবোৰ ঘন হৈ পৰিছে।
হাতলৈ উঠাই মৰমেৰে বুলাই দিলো,
সি মৰি থাকিল…।
বুকু খনে উচূপী উঠিল
বৈ গ'ল চকুলোৰ নদী।
দুখ সহ্য কৰিব নোৱাৰা…
এখন অন্তৰ তাৰ।…
মৰমে হয়তো তাক আমনি কৰিলে ,
প্ৰথমে দুখ দিলো আকৌ মৰম…
সেই দুখতে সি মৰি থাকিল নেকি?
মোৰো দুখলাগিল ক'বলৈ নাপালো তাক। যে মই উজুটিহে খাইছিলো মাৰো বুলি মৰা নাছিলো অ…গোৰটো।
অজানিতে হৈ যোৱা
ভূলে
মোৰ
দহিছে পৰাণ সকিয়াই দিলে মোৰ অতীত স্মৃতি।…
কাৰোবাৰ মনত দুখ নিদিবি অ
সকলোৱে অন্তৰ খন কোমল …ঠুুনুকা…
অলপীয়া কষ্টতে ভাগি যাই হিয়া…।
মৰমো এনেকুৱাই
অজানিতে হৈ যোৱা ভুলে…
মৰমৰ মৃত্যু ঘটায়……।
[3/9, 9:13 AM] Dhanti Saikia: অনুভব ঃ
🖊ধনটি শইকীয়া
প্ৰেম এক জোৱাৰ…কেতিয়া আহে তাৰ জাননী নাই…
প্ৰেমে আনে সুখ
প্ৰেমে দিয়ে দুখ
বুকু বিষাই
আহৰিও নাই…
প্ৰেম মাথো এটি নাম…
যাৰ পৰিধি নাই………।
[3/9, 11:23 PM] Dhanti Saikia: নাৱৰীয়া দিবানে নাওখন চপাইঃ
🖊ধনটি শইকীয়া
তুমি যে আছিলা সেই ঘাটত
তুমি অহা গম পায়েই আছিলো ৰৈ।
বহু সময় অপেক্ষাৰ অন্তত নাৱৰীয়া ই এৰি দিলে ছৈ।
পাৰত তোমাক দেখি
ভিতৰৰ মন পক্ষী
পানীৰ ঢৌত ঢৌ খেলি যাই মনে যেন কিবা হেৰুৱাই।
নাৱৰীয়া দিবানে নাওখন চপাই,।
পাৰতে থাকি আহিল
এটি মোনা মানিকেৰে ভৰা।
[3/10, 8:01 AM] Dhanti Saikia: ভোগালীঃ
ধনটি শইকীয়া।
জীৱনৰ মধুৰিঘাটত
হেৰুৱালো মধুৰতা বোৰ
শুকালে…কাৰোৱাৰ এলাগী ঘাটত ।
তাকেই সাৱটি জুৰাইছো পৰাণ,
উজ্বলিছে…স্মৃতিৰ বাটত।
[3/10, 6:24 PM] Dhanti Saikia: সংগিহীনতাঃ
🖊ধনটি শইকীয়া
কোনে মচে ,কাৰ কপালৰ জোন …।
জোনাক নিশা পোহৰ দিয়ে।
নিৰ্যাতিতা নাৰীক ৰক্ষনাবেক্ষন দিয়ে।
তাৰেই আঁৰত কিহৰ লুকাভাকু ।
যেন ডাৱৰে আগচি ধৰে।
কিহৰ ৰাগীত মাতাল তুমি?উত্তৰ হয়তো নাই ,
কেনেকৈ উত্তৰ দিবা।
কাষতে জোন থাকিও তৰালৈ হাত মেলাহে তুমি।
কি কাৰনে কাঢ়ি নীলা, জোনৰ ৰূপালী জোনাক।
মনত নপৰেনে তোমাৰ ,মৰমেৰে লুকাভাকু খেলা।
কিয় এৰি দিলা,
আজি যে তাই অকলশৰীয়া।
সংগিহীনতাৰ বাটত ভূগিছে কত যান্ত্ৰনা
কেতিয়াবা নিজানত কান্দে আৰু কেতিয়াবা বন্ধু ৰ লগত হাঁহে।
কেতিয়াবা ভাবো তোমাৰ কপালত জোন কোনে আঁকিব বাৰু।
[3/11, 6:33 PM] Dhanti Saikia: নিসংগতাঃ
🖊ধনটি শইকীয়া
মানুহে কয় তই বোলে অকলশৰীয়া।
কিহত অকলশৰীয়া …মই।
মোৰ সকলো আছে ।
এটা সুস্থ মস্তিষ্ক ,
এটি সুন্দৰ মন,
মন গ'লেই ভাবৰ আদান -প্ৰদান কৰো ।
আনৰ দুখ বুৰ বুটলি নিজৰ বুলি তুলি ধৰো ।
চিনাকী নিদিও মই দুৰ্দান্ত প্ৰহৰীৰ,।
চিনাকী লাগে মোক আপোনতাৰ মন্দিৰত আপোন বুলি।
দেখিছো কত নৰপিশাছৰ নৈশ্য ফুলনি।
ফুলবোৰ ফুলিব নাপাইয়েই জোৰ কৰি টানি আনে ছিঙি।
সিহতৰ দৰে মই আড্ডাা দিব নোৱাৰো ।
সিহতৰ দৰে ৰঙীন পোছাক পিন্ধিব নোৱাৰো।
ৰঙীনতা ভাল পোৱা সেইবোৰে,
মানুহৰ ৰঙীনতা বোৰ কাঢ়ি নিয়ে।
পিছত দৌৰে কত
গোপন বাহিনী।
সিহঁতক লাগে মাথো তৃপ্তি।
মই পোহৰ ভাল পাওঁ
সুৰুযৰ ৰঙ সানি ভাল লাগে।
সকলো প্ৰতিফলিত হৈ পৰে আইনাৰ দৰে ।
তাৰ আঁৰত গোপন বুলিৱলৈ কেৱল ছাঁ থাকে। সেইয়ে হয়তো অকলশৰীয়া যেন লাগে।
কিন্তু অকলশৰীয়া কোন?
চকু থাকিও যি অন্ধৰ চৰ্চমা পৰিধান কৰে।
অভিনয় শেষ কৰি কত জীৱন নাটৰ অন্ত কৰে।
সৰ্বশেষত ভাবুক হৈ নিসংগতাৰ বাটেদি খোজ মেলে।
অকলশৰীয়া সেইজন
সকলো থাকিও যি কাকো আপোন কৰিব নোৱাৰে।।
[3/11, 9:29 PM] Dhanti Saikia: মৃত্যুবিজয়ী যোৱানঃ
🖊ধনটি শইকীয়া
মৃত্যুবিজয়ী যোৱান
মৃত্যু ভয়কো নেওঁচি
আগুৱাই যোৱা
লক্ষ্য তোমাৰ দূৰদৰ্শী।
শত্ৰু চাৰিবেৰৰ
ৰক্ষা কৱচ
তুমিয়েই সীমান্তৰ
অতন্দ্ৰ প্ৰহৰী।
নিৰ্ভীকতা সাহসীকতাৰ
প্ৰতীক
গাণ্ডীব ধাৰী
মহাৰথী অৰ্জুন তুমি।
ত্যাগৰ বলত মহীয়ান
ৰাখা অসমীৰ মান,
গাই যোৱা দেশ ৰক্ষাৰ শ্লোগান।
তুমিয়েই শক্তি,
তোমাৰ ভক্তিত
উজ্বলি উঠক
সুৰুয দীপ্ত প্ৰাণ।
মৃত্যু বিজয়ী যোৱান
ৰাখা জননীৰ মান।।
[3/12, 10:11 AM] Dhanti Saikia: 🙏🏽🙏🏽ফাঁকুৱা উৎসৱৰ আন্তৰিক শুভকামনা জনালো ।ফাঁকুৰ দৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰে কামনা কৰিলো।
জীৱনৰ ৰঙীন ফাঁকুঃ
🖊ধনটি শইকীয়া
ফাকুঁৱাৰ দৰে ৰঙীন
জীৱনৰ পাতনি মেলি।
থাকি যাই কত হেপাঁহ ৰঙীনতাৰ মাজত ।
লুকাই থাকে কত আশা উবুৰি খাই পৰা ৰঙীনতাৰ এচুকত।
ৰঙ সিচি দিলেই জানো দুখবোৰ আতৰি যাই।
দুখবোৰে চোন ৰঙৰ মাজে মাজে হেন্দোলনি তুলি যাই,।
ৰঙীন মুখনিত আজি সেঁন্দুৰীয়া ৰঙ নাভাঁহে
ভাহেঁ মাথো ধূষৰ ক'লাবোৰ …।
শেতাপৰা গালত কোনে সানিব ৰঙৰ ফাকুঁগুৰি।
ৰঙতুলি আহে নাচনী পখিলী আৰু ৰঙ সানি গুছি গ'লহি।
অংকিত কৰি গ'ল মাথো ৰঙীনতাৰ মাজত তৃক্ততাৰ ছবি।।
[3/12, 2:26 PM] Dhanti Saikia: যৌৱন ঃ
🖊ধনটি শইকীয়া।
এটি চিঞৰ স্তব্ধ মন।
কলুষিত আকাশ ,মুক্ত বতাহ…
বতাহত উৰে কত বিষাক্ত চেতনা।
ফুলৰ সুৱাস নাই ,,
চিঞৰি উঠে বসন্তৰ কুমলীয়া ডাল।
তাতো চিঞৰি উঠে দুখৰ শেতা পৰা গাল।
কত ফুলৰ কলি মৰহী শুকাই ,
শুকান পাতত কুলীটিৰ মাতত জৌৱনে নিচুকাই
তাতো ফুলে ,
আজাৰ আৰু খৰিকা জাঈ,,।
তেজেৰে ফাকুঁ খেলি
দুৰন্ত বতাহী…বেগেৰে ঢাপলি মেলে ,
সিপাৰত খেলিছে কত খেলা।
ৰঙৰ
নদীখনে নীলা আবৰন খুলি প্ৰেয়সীলৈ চাই।
অপেক্ষাৰত জীৱনৰ দিঙা বায় বায়,।
প্ৰেয়সী নাহে অপেক্ষা কৰি আছে সেন্দুৰীয়া ঘাটত।
সময়ে নেখেলে আজি ৰঙৰ লুকা_ভাকু
যৌৱন পৰত।
[3/12, 7:21 PM] Dhanti Saikia: বাঁহীৰ সুৰঃ
🖊ধনটি শইকীয়া
তুমিয়েই কৈছিলা তোমাৰ হাতৰ
আঙুলিত যাদু আছে।
তোমাৰ প্ৰাণ বায়ুত ঢৌ খেলি উঠে মমতাৰ সুৰ ।
সেই সুৰে মন্ত্ৰ মুগ্ধ কৰে হিয়া ।
বিছাৰি আপোনতাৰ সুৰত নিগৰী অহা আপোন ইচ্ছা।
সপোন বোৰ আজি হেৰাই গ'ল ।
সৃষ্টি কৰে ঘোৰ অমানিশা।
নাবাজে আৰু মাজনিশা বাঁহীৰ সুৰ বিষাদে কাঢ়ি নিলে স্বৰান্বিত বায়ু।
হেৰাই গ'ল
স্মৃতিৰ বুকুত বাঁহীৰ সুৰ।
তুমিয়েই হৰি নীলা মোৰ মনৰ জোনাক দৰা।
যেতিয়া তুমি আনৰ হ'লা।
তুমি মাথো মোৰ
জীৱনৰ এটি সময়ৰ ৰঙীন পখিলা।।
এবাৰ আহিলা ৰঙ সিঁচি গুছি গ'লা।।।
[3/12, 10:38 PM] Dhanti Saikia: 🙏🏽🙏🏽
এটি ক্ষীন পোহৰৰ চাঁকিঃ
🖊ধনটি শইকীয়া
সকলোকে আদৰিছো মই ,
ফুটা কলহত জানো পানী ৰৈ
টাপলি মাৰি মাৰি ভাগৰিছো মই।
কেতিয়াবা সময়ে
কেতিয়াবা আপোন জনে
আৰু কেতিয়াবা সপোনেও
ভুল বলকি দিয়ে।
ভুলৰ মাজতে আছো মই ।
উত্তাৱল মন থমকি ৰয়।
সহাৰি যদি পাওঁ
এটি হুমুনিয়াহ মাৰি যাওঁ
নতুন প্ৰভাতৰ লগত মিলি যোৱাৰ সকাহ এটি পাওঁ।।
[3/13, 8:47 AM] Dhanti Saikia: এজাক মলয়াঃ
🖊 ধনটি শইকীয়া
হৃদয়ৰ নিভীত
কোনত মলয়া জাকে
কোৱাই কোবাই
কাঢ়ি নিলে সতেজতা।
ৰঙা ৰক্তৰ কনিকা
আজি দেহত নাই
আছে বিষাক্ত কীটবোৰে
মলয়াৰ লগত
উৰি আহি কুৰুকি ভূৰুকি থৈ যোৱা
বিষাক্ত
শ্বেত কনিকা।
ৰঙা বোৰ আজি
সপোন
যেন হৈ পৰিল।
কুঙা কৰি
গ'ল এজাক
কল্পিত …
মলয়াই হৃদয়ৰ
ৰঙীনতা খিনি।
ইমান ভয়ানক
প্ৰচণ্ড প্ৰয়াসী
ধুমুহা কপাই ধৰনী
তল বল কৰে
ত্ৰিলোক ।
বুকুৰ ৰঙা বোৰ
এটা হেন্দোলনিত
চিটিকি পৰি
গ'"ল বহুদুৰ।।
নাপালো বিছাৰি
পুৰণি কীৰ্তি
হেৰাই গ'ল সকলো
এতিয়া আছে মাথো
শেতা পৰা তেজ,
লগৰী মাথো
গোপন কোঠা।
[3/13, 9:56 AM] Dhanti Saikia: উকা উকা লগা মনঃ
🖊ধনটি শইকীয়া।
উদং পথাৰ ছন পৰা মাটি…
মানুহে নিয়ে তাৰেই
মাটি কাটি।
কোৰৰ চাবত পাহাৰ বনাই,,
খাজ কাটি বনাই
হেলনীয়া পীড়া।
সৃষ্টি হয় দ খাৱৈ
খেলে সুৰংগৰ খেল
তাতেই থাকে নিগনী ,এন্দুৰ ,থাকে চকৰী ফেটি।
অচিনা দেহত পৰিলে
খোজ পৰিলে
নকৰে মৰম সি ।
খঙতে বাপুৰাই দিব
বিষ ঢালি
তেতিয়া কৰিবা কি?
[3/13, 7:31 PM] Dhanti Saikia: আধুনিকতাৰ ভূতঃ
🖊ধনটি শইকীয়া
কোনে ক'লে
মাজ নিশা
হেনো তুমি বাহিৰৰ বাহ্যিক তাৰ মাজত জিলিকি উঠা।
বৰকৈ ওলাই নাযাবা ৰাতি ।
ৰাতি হেনো বেয়া বস্তু ওলাই।
কোন সময়ত আক্ৰমন কৰিব সিঁহতে গমকেই নাপাবা।
বতাহৰ দৰে
আহি কাঢ়ি নিব প্ৰাণ।
পৰি থাকিব ৰাস্তাৰ এচুকত তোমাৰ শৰীৰ।
প্ৰথমে মৃত দেহ পৰীক্ষা কৰিব বিষাক্ত কীট বোৰে বিছাৰি নাপাব কোনেও ।
সেয়েহে কৈছো মাজ নিশা বাহিৰত নুলাবা ।
আধুনিকতাৰ কিছুমান কীট আছে।
কেতিয়া আহি তেজ শুঁহি নিব গমকেই নাপাবা।
সেয়েহে কৈছো মাজনিশা বাহিৰত নাযাবা।
[3/13, 9:32 PM] Dhanti Saikia: ফুলৰ সুৱাসঃ
🖊ধনটি শইকীয়া।
এপাহী ফুলক সুধিলো
তোমাৰ সমস্ত সুৱাস বিলাই দিবানে?
মনৰ বিপ্ৰতীপ কোনত সজাই ল'ম।।
সুৱাসে পৰিষ্কাৰ কৰে মনৰ ভিতৰৰ আবৰ্জনাবোৰ।
আবৰ্জনা বোৰে ঢৌ খেলি খেলি বিয়পাই হৃদয় কঁপোৱা দুৰ্গন্ধ।
সৃষ্টি হয় বিষাক্ত বুকুত
লাঠী ভঙা কোব।
সেই কোবতেই ভাগি যাই হৃদয়ৰ তলা ।
খোল খাই ফোপোলা কলিজা।
কিযে বিস্মৃত চেহেৰা দেখিলেই সিৰা দাঙখাই
সৃষ্টি কৰে সাগৰৰ জোৱাৰ ,পাৰ নাপাই লুতুৰী পুতুৰি খাই লুনীয়াবোৰ মঙহৰ মাজত।
হঠাৎ অহা এজাক বৰষুনে
লৈ গ'ল ফুলৰ সুৱাস
অভিমানী বৰষুন জাকে
লৈ গ'ল মনৰ আশা ।আজিও নাপালো মই উত্তৰ ,
নাপালো সুৱাস।
[3/14, 7:59 AM] Dhanti Saikia: শান্তি এটি পুৱাঃ
🖊ধনটি শইকীয়া।
ৰাতিপুৱাই দিৱলৈ মোৰ হাতত একো নাই ।
ৰজাও নহয় মই ,সৈন্য পঠাই,
যি লাগে তাকে আনিদিৱলৈ।
ৰজাৰ ৰাজকোষত ধন নাই।
থাকিলেও নিজৰ পালিপহৰীয়া বোৰ পুহিব আতে হে।
জাকজমকতা,বিলাসীতা ,জীৱনৰ বাধা হৈ পৰিছে।
হাতত নাই ধন কিযে মন মানুহৰ ।
বৰ অদ্ভুত
বৰ অতুলনীয় জীৱ ।
দিন ৰাতি পুৱা আৱেলী
সন্ধ্যা গধুলি
বিছাৰি নাপাই নিজৰ খবৰ ।
খবৰ দিয়ে বিৰিখৰ ডালে ডালে পক্ষী বোৰে আহি ৰাতিপুৱাল ।
আকৌ গতি কৰা নিজৰ লক্ষ্য বিছাৰি।
গতি বিহীন শব্দ বিহীন আজি এটি হুমুনিয়াহ মাৰি উলাই আহিছো
বাহিৰ মুখে লক্ষ্য বিছাৰি।
জীৱন মাথো ৰথৰ চকৰী।
[3/14, 12:07 PM] Dhanti Saikia: মনৰে প্ৰেয়সী জনীঃ
🖊ধনটি শইকীয়া।
বতাহে কোবাই ,
লৰে বিৰিখৰ আগলি পাত।
উচুক -মুচুককৈ হালি জালি যাই
শুনি প্ৰেয়সী ৰ মাত।
কোন বননীত চম্পা,কেতেকী,
গোন্ধতে আমোল -মুল।
হিয়াৰি উজাৰি সুৱাস বিলালে ৰঙচূৱা মদাৰৰ ফুল।
কান্দি-কাতি ,হিয়ালি -জিয়ালী, কুলী কেতেকী জনী।
বিছাৰি বিছাৰি প্ৰাণৰে প্ৰেয়সী গছৰ ডালে ডালে পৰি।
বসন্তৰ পৰশ পাই
প্ৰকৃতি হ'ল গাভীনি।
ফলে ফুলে জাতিষ্কাৰ
পিন্ধি মুকুতা মনি।
মনৰে প্ৰেয়সী লুকাল…
এজাক ধুমুহা আহি কৰিলে আহুকাল।
ধুমুহা জাকে লৈ গ'ল
উৰুৱাই বহুত দূৰত থ"লেগৈ পলুৱাই।
সেই দুখতে দুনয়নে চকুলো বৈ যায়।,।
[3/14, 8:09 PM] Dhanti Saikia: সপোন ভঙাৰ কবিতা ঃ
🖊ধনটি শইকীয়া
টোপনী ভঙা সপোন জাক।
লৰচৰ কৰে ভৰি দুটা।
বিচনাত এটা শব্দ
ঘামুহ কে ভাগে পাতি।
সকলো হতভম্ব
কিহৰ শব্দ
মাজনিশা কোন চুৰে সিন্ধি খান্দিছে।
অ সিন্ধি নহয় আমাৰ সপোন ভঙাৰ কবিতা।
বিচনাৰ পৰা বাগৰি কাৰ কঁকাল ভাগিল।
কেকঁনি এটা মাৰি
বাহিৰলৈ উলাই গ'ল।
বাহঁ এটুকুৰা বিছাৰি আনি জোৰা লগালে।
যেনেতেনে ৰাতিটো ঢলি পৰিল।
তাৰনো কি বেমাৰ ……
সপোনতো নাছে গা।
গান গাই ৰাতি ,
বাজি উঠে জুবিনৰ কণ্ঠত।
বিছৰা মৰম দিবানে মৰমি মোক।
সপোনে তাৰ টোপনি ভাঙে ।
মৰম নিদিয়ে
তাৰ মাথা গৰম কৰি দিয়ে।
সপোন ক্লান্ত ই এক জীৱন্ত।
সপোন কবিৰ ৰাগী নিষাক্ত প্ৰাণৰ প্ৰেমৰ চৰিত্ৰ।
দুভৰি কাঢ়ে কোনোবাই
জাপ মাৰি উঠে।সেই ঘুমুহ শব্দ।।
[3/14, 9:20 PM] Dhanti Saikia: দুৰ্ঘটনাঃ
🖊ধনটি শইকীয়া
নিজম ৰাতি বাজি উঠে
বেমেজেলিয়া বাঁহীৰ সুৰ।
চবকা চবকে ডাৱৰ খঢ়ে।
খুন্দা খাই জুই জ্বলে ।শব্দত ঢাপলিমেলে,কত মৃত নৰ কংকাল।
কংকাল বোৰে ছটফতাই ,।বজাই নূপুৰ শংখ।
আকাশ পাতাল কপাঁই তোলে ।
আকাশত পানী মৰতত জ্বলে তৰা।
অদ্ভূত ছবি হায় !
কেনে বুকু ভঙা ঘটনা।
জ্বলে জুই পানীৰ তলত,
মৰে মাছৰ জাক
কোনে পাতে ভোজৰ মেল।
জিভা তৃপ্তি পৰা।
[3/14, 11:08 PM] Dhanti Saikia: বুকুত জ্বলি থকা জুইকুৰাঃ
🖊ধনটি শইকীয়া
জ্বলা বোৰক জ্বলিব দে
মৰাবোৰ এনেকৈ থাকিব
কোনোবা কোঠালীত
অন্ধকাৰৰ মাজত পৰি।
শৰীৰ চুন্ন ভিন্ন হ'ব ।
চেহেৰা সলনি হ'ব।
মুখত পানী দিৱলৈ কোনো নাথাকিব।
কাৰ অভিপ্ৰায় এইয়া মনে সজা দাপোনত
কিমান নিজকে চাবা
যিদিনা ভাগিব।
তাৰ উত্তৰ নোপোৱা।
প্ৰশ্নবোধক চিন লৈ ।
ভাৱবোধক হৈ পৰিবা।
মনৰ বীজবোৰ পচি যাৱ
কাঠফুলা গজিৱ,ভেকুঁৰ উঠিব।
আকৌ কোনোবাই কোৰৰ চাবত কাষত পেলাই থ'ব।
অ্ত্যন্ত বেদনা বুকুত বান্ধি।
ভগা বেৰেৰে কি সাজিবা
সকলো সুৰুঙা মাথো সুৰুঙা।
[3/15, 8:49 AM] Dhanti Saikia: প্ৰশ্ন মাথো প্ৰশ্নঃ
🖊ধনটি শইকীয়া।
যেতিয়া বাৰান্দাৰ এচুকত,অকলশৰে বহি থাকো।
তেতিয়া তোমালৈ বৰ মনত পৰে।
নাজানো মনত কিয় আমনি হয়।
পাহাৰ সদৃশ ভাৱনা বোৰে ,মন মগজু গধুৰ কৰি পেলায়।
ফাটি যোৱা ভাৱনাবোৰ চিলাই কৰিব বৰ জটিল হয় অ'।
ফিচিকা জেগাবোৰত কিমান টাপলি মাৰিবা।
টাপলি মাৰোতে মাৰোতে ভাৱনাবোৰ ছুটী হৈ যায়।
মাজে মাজে
সূতাবোৰ পাক খাই আঊলি বাঊলি হয়।
মুৰ উলিয়াব নোৱাৰি শেষত কাটি নষ্ট কৰি পেলাই দিয়া হয়।
আৱৰ্জনা বোৰে খলকনি তুলি সাগৰ সদৃশ জোৱাৰ সৃষ্টি কৰে ।
গভীৰতা আৰু লুনীয়া বোৰে জোকাৰি মনৰ ভাৱনা বোৰ অসম্পুৰ্ণ কৰি দিয়ে।
প্ৰশ্ন বহুটো মাথো সমাধান নাই।।
[3/15, 7:17 PM] Dhanti Saikia: এটি সপোনঃ
🖊ধনটি শইকীয়া।
জোন আৰু তৰা
মাজত পাৰ্থক্য মাথো
এখন বিচনা।
জোনৰ পোহৰত নাছি উঠিল তৰা।
তৰাই মাতিলে আহানা কাষলৈ ,
জোনে কৰিছে লাজ ।
অৱশেষত উপায়ন্তৰ হৈ গ'ল।
মিলিত ভূমিত বাগৰি পৰিল আৱেগৰ ঢৌ।
আৱেগৰ ঢৌৱে কোবাই নিলে মনৰ পথাৰ।
এটি শব্দই ভাঙিলে আৱেগৰ সপোন।
সাৰপাই উঠিল দুয়ো।
ব্যস্ত মাথো নিজস্ব কামত।
দুয়ো আতৰি গ'ল ……
সপোন মাথো সপোন হৈ ৰ'ল।
[3/15, 8:10 PM] Dhanti Saikia: সুৰ সমলয়ঃ
মনে কয় মনৰে কথা তুমি জানো বুজা ………
নে নুবুজা?
তোমাৰ হাঁহিত মুকুতা সৰে
দুভৰিত নূপুৰ বাজে।
তুমি গোপন ভাষাত চকুৰ ইংগিতেৰে কোৱা কথাবোৰে…
আজিও আমনি কৰে অজানিতে…
বুকুৰ মাজত বাজনা বাজে।।
কণ্ঠ নিগৰী গোৱা গান …
গানৰ সুৰত নাচি উঠক প্ৰাণ ।
সেই সুৰত কোনে কাঢ়িলে প্ৰেয়সীৰ সন্মান।
মৰমে নিগৰাই অশ্ৰুধাৰ…
বৈ যাই …
সাগৰ…
নাই পাৰাপাৰ
কাষত থাকিও
নেদেখি ইপাৰ সিপাৰ।।
[3/15, 9:31 PM] Dhanti Saikia: এটি প্ৰাণ বিহীন মুৰ্তিঃ
🖊ধনটি শইকীয়া
দিলো তোমাক মৰম,
তাৰ প্ৰতিদান স্বৰূপে
ওঁঠৰ এটি চুমা আকি দিলা।
সেই চুমাতে ছন্দ্ৰ মিলাই লিখিলো কত কবিতা।
কৰিলো ভাৱৰ আদান প্ৰদান।
তুমি নুবুজিলা মনোভাব,
তুমি আঁকিলা কঠুৰ শিলটোকে তুলি।
কঠুৰতা হাৰ ভঙা মুৰ্তি।
নাম নিদিলা সিঁচি দিলা বিহঁ…
অংকুৰণ নঘটিল তাৰ …
নিমিষতে ভাঙি ধুলীময় কৰি …
বতাহৰ লগত মিলাই …
ভাঙি দিলা সুখৰ পজা ।
চোৱা কেৱল এটি নিঠৰ মুৰ্তি সাজি আজি
তুমিও অকলশৰীয়া …
আৰু মই তোমাৰ দুখৰ বোজা।
বোজা কিমান কঢ়িয়াবা …
জিৰণি লোৱা স্মৃতি মচি
কাৰোবাৰ সেউজীয়া বননীত।
[3/15, 10:34 PM] Dhanti Saikia: বিলোপ্ত কপৌজনীঃ
🖊ধনটি শইকীয়া
শান্তি চৰাইজাক হেৰাই গ"ল।
ধেমালী কৰা সময়ত নিজকে পাহৰি গৈছিল অ'
নিজকে।
কিমান যে ভাল লাগে মুক্ত আকাশ ।
সীমাহীন বিশালতাৰ মাজত সোমাই থকা গভীৰতা বোৰ কোনে জুখিব।
নিজৰে ভুলবোৰ কোনে স্বীকাৰ কৰিব নে
আকৌ মহাভাৰত ,
ৰামায়নৰ সৃষ্টি হ'ব।
শান্তি চৰাইজাক নামি আহিব অ আহিব
যেতিয়া নিজৰ ভুলবোৰ
নিজেই শুদ্ধৰাব।
মনটো এখন আইনাৰ দৰে ।
নিজৰ প্ৰতিবিম্ব তাতে দেখিবা।
এটি সৰু ঘৰত বাঁহ সজা চৰাইজনী।
নেদেখিলো তাৰ হাঁহি
প্ৰতিলিপি আঁকি নিজেই
মনোগ্ৰাহী।।
[3/16, 6:11 PM] Dhanti Saikia: অনুৰাগ মোৰ এটি গানৰ কলি ঃ
🖊ধনটি শইকীয়া
অনুৰাগ মোৰ এটি গানৰ কলি ।
চকুলো নিগৰি বৈ যাই মোৰ
কণ্ঠৰ ধ্বনী……।…
অনুৰাগ মোৰ এটি গানৰ কলি……।
বুকুৱে বুকুৱে উৰে…
মনৰ পক্ষী…
চকুৱে চকুৱে …
চালে উদ্ভাষিত হয়
নিলাজ চাৱনী।
সঁচা মিছাৰ কত খেল খেলি…
অভিমান প্ৰিয়াসী মন দিলা দিঙা মেলি…
দিঙা বায় বায় পাহৰিলা নিজৰ চবি।
দিঙিত গামোচা মাৰি ভাও দিলা……
বেমাৰী বেশেৰে চকুলো বোৱালা……
সিও তোমাৰ অভিনয়ৰ
গাথা…।
কত মানুহৰ জীৱন কাঢ়িলা …
কত মানুহৰ সপোন কাঢ়িলা…
মিছা চকুলোৰে মিছাৰ
আশ্ৰয় ল'লা …
সিও তোমাৰ অভিনয়ৰ খেলা…।
জীৱন বিভীষিকাময়
মৰুময় কৰি …
ক্ষমতাৰ আওঁতাত তুমিয়েই লুকাই থাকিলা…
তাৰেই ৰাগীত ৰাগিনী তুলি কণ্ঠ নিগৰীত হয় ।
অনুৰাগ মোৰ এটি গানৰ কলি।
[3/16, 7:11 PM] Dhanti Saikia: ✍অনুভৱৰ দলিছাত তুমিঃ
🖊ধনটি শইকীয়া
হেৰাই যোৱা স্মৃতিবোৰ
অবুজবনত বিছাৰি চাওঁ
মনত পৰে কেতিয়াবা…
অনুভৱৰ দলিছাত শেতলী পৰা ক্ষন বোৰ।
তোমাক লৈ কত সপোন…আছিল
সপোনৰ ৰঙবোৰ
বুটলাৰ আশাত
উত্তাৱল হৈ পৰিছিল মন
আগবাঢ়ি গৈছিল বতাহৰ বেগত…।
দ্ৰুতি ইমানেই বেছি আছিল …
পাহৰি গৈছিলো সময়ৰ ঠিকনা…।
সন্মুখত এটি হিমালয় সদৃশ পাহাৰ
তাতেই খুন্দা খাই
ছিটিকি পৰিল গতিশীল মন অটল গহ্বৰত …।
ভয়ানক পিশাছ বোৰে চিঞৰি উঠিছিল চকু তেলেকা কৰি চাইছিল…
মৌন সময় …
আশাৰ জোনাক বোৰ হেৰাই গ'ল…
অন্ধকাৰ ৰাতি
যেন জোনাকতে আঁউসি মিলিল…।
নীলা জল ৰাশিয়ে তিয়াই গ'ল মন
চেঁচা চেঁচা লগা সময়…!
গভীৰতাৰ আৰ্তনাদে গভীৰ কৰি পেলালে
বিষাদৰ পৃথিৱীত বিষাদৰ বোকা…
জলজ শেলাইবোৰে মটীয়া ৰঙেৰে
জীপাল কৰিলে শৰীৰ।
বুকুখনত দুখৰ বুৰবুৰণি বোৰ
বুকবুকনি তুলি ওলাই আহিল
বাজি উঠিল
নিস্তেজতাৰ কৰুণ বিননী।
মনত পৰিলে সেই স্মৃতি…
জোকাৰ খাই নিঠৰ শৰীৰ …
আজিও জিলিকি আছে অনুভবৰ দলিছাত সেই ধূষৰ জোনাক।
[3/17, 11:03 PM] Dhanti Saikia: 👌👌সুন্দৰ বহুত ভাল লাগিল
অসম্পূৰ্ণ প্ৰেম
🖊ধনটি শইকীয়া।
তুমি তুমিয়েই
আৰু মই …
এক নিলাজ পক্ষী
চাওঁ জুমি জুমি
নেদেখো তোমাক…
নেদেখো তোমাৰ মৰমৰ আচলত লুকাই থকা হেপাঁহৰ চবি।
তুমি কোন…তুমি তুমিয়েই…আৰু
মই তোমাৰ …
বৈ অহা মৰমৰ সুঁতি
গভীৰতা বাঢ়ে নদীৰ
মৰমো বাঢ়ে।
যেতিয়া খৰালি হয়
গভীৰতা কমে তেতিয়া
মই মৰাসুঁতি।
বিশ্বাস অবিশ্বাস
সন্দেহৰ তাৰণাত
হেৰুওৱাব নুখুজো তোমাক …
তুমি হেৰাই যাবা নিজেই বসন্তৰ এজাক বৰদৈ চিলা হৈ।
তুমি তুমিয়েই ,,,
আৰু মই নীলাপক্ষী ,
উৰি ফুৰিম শূন্যতাত
দেঊকা মেলি।
[3/17, 11:04 PM] Dhanti Saikia: সুখৰ হুমুনিয়াহঃ
🖊ধনটি শইকীয়া
তৃক্ততাৰ ডাৱৰবোৰ আতৰাই
উজ্বলাই আনিম সুৰুজৰ মুখত হাঁহি।
নাচিব বালিমাহী ঠেও ধৰি ধৰি ।
তাতেই উমলিবা তুমি।
তোমাৰ হাঁহিৰ পৰশত সাৰ পাব ধৰনী ,
শেতা পৰা,শুকানতা খিনি উজ্বলি ,,,
জিলিকি ঊঠিব সেউজীয়া।
তাৰে বুকুত জীৰনী ল'ম
মাৰিম এটি সুখৰ হুমুনিয়াহ।
[3/19, 2:50 PM] Dhanti Saikia: ৰঙীনতাৰ ৰঙ বোৰঃ
🖊ধনটি শইকীয়া।
নিমুৰ্ল হত্যা…
তেজৰ ৰঙ বোৱাই
মাথো ৰঙা ৰঙা …
নদীৰ সোঁত বৈ যাই।
কামিনীৰ উদ্যান খনি
কামনাৰ বশৱৰ্তি
কামনাই খুলি খুলি খাই
জীৱনৰ ৰঙ হেৰুৱাই,।
মনৰ ভিতৰৰ ক'লা বোৰ
লুকুৱাই
বাহ্যিকতাৰ ৰহণ মিলাই
ৰঙীন কৰে পৃথৱী।
যেতিয়া ভাৰসাম্য হেৰাই
ভিতৰৰ বৰ্বৰ কীট বোৰে
খুলি খুলি খাই
এৰি দিয়ে বিষবোৰ
ধ্বংস কৰে
কত ৰঙীন ফুল…
নষ্ট কৰে ফুলৰ সুৱাস।
জীৱন মাথো ৰঙীনতাৰ ৰঙ হৈ যায়।
[3/20, 7:37 AM] Dhanti Saikia: অমাৱস্যাঃ
🖊ধনটি শইকীয়া
চাৰিওফালে অন্ধকাৰে আৱৰি ধৰিছে…
শুভ্ৰ ডাৱৰবোৰ ক'লা হৈ পৰিল।
জিলিকা নাই আজি জোনৰ মুখখনি।
শেতা পৰিল গুলপীয়া দুগালৰ সেউজীয়া সিৰাখিনি।।
হেৰাই গ'ল ৰসালতা,
শুকানতা বোৰে ,
মাটি বৰনীয়া কীট বোৰ খাই খাই কৰি দিলে ফোপোলা।
আনন্দ জোৱাৰ বোৰে যিমানেই কোৱাই
নাথাকক কিয়?
নিমিষতে সৰকি যায় সকলো ।
ভাৰসাম্যতা হেৰাই গ'ল,
হেৰুৱাই পেলাইছে নিজস্বতা।
প্ৰকৃতিগত গুনাগুন ধ্বংস কৰি ।
কৃত্ৰিমতা খিনিয়ে ঠাই পালে ।
তথাপিও এজাক ধুমুহাই উৰুৱাই থ'লে
কৃত্ৰিমতা বোৰ
ধ্বংস হ'ল জীৱনৰ ৰঙীন চবি বোৰ।
[3/20, 4:46 PM] Dhanti Saikia: ✍সুগন্ধি ফলৰ সুৱাস বিছাৰিঃ……
🖊ধনটি শইকীয়া
সন্ধিয়া ………
জিলিকি উঠিছিল
জোনৰ পোহৰত
…নদীৰ এচুকত…
সেন্দুৰীয়া ফলতো।
সুগন্ধী ইমানেই আছিল
মুক্ত বতাহ ,সুগন্ধৰে বিয়পি পৰিছিল।
উজ্বলতাৰ বাৱেই,,
সুমথিৰাৰ দৰে
জিলিকি আছিল।
বহুতে থাপ মাৰি
আনিৱ বিছাৰে
বহুতে দাইকী লগাই
আৰু কিছুমানে
জখলাৰে বগাই
পকা ফল বুলি
উপভোগ কৰিব
বিছাৰে।
তথাপিও সকলো অসফল।
লাজুকীয়া চাৱনীত জিলিকে জোনাকী মেলা
জোনৰ মুখত
হালধী সনা
ডিঙিত আকৌ
তুলসীৰ মালা
জিলিকি পৰে
তৰাৰ হাঁহিত
সেইয়া যেন উজ্বল
হীৰা আৰু মুকুতা।
ৰ'লাগি চালেও
হেপাঁহ নপলাই
আৱেগিক ভাৱত
চকুৰ টিপত
মনৰ কথা বোৰ
কৈ যাই।
সেই মধুময় সময়ত
হঠাৎ সলনি……
আগেৰে গুছি যাই এজাক ধুমুহা…
মনৰ ভাৱ বোৰ
য'ত ত'ত সিঁচৰতি হৈ যাই
তথাপিও বহুত চেষ্টা কৰিও মনৰ সন্তাপ দিব নোৱাৰিলো ।
গোটেই পৃথিৱী চলাথ কৰিলো …
সপ্ত সাগৰ ভ্ৰমিলো
ওখ ওখ পৰ্বত পগালো
নাই বিছাৰি নাপালো ।
চাই থাকোতেই সকলো শেষ হৈ গ'ল।
লগ পোৱাৰ আহৰি নহ'ল।।
[3/21, 12:53 PM] Dhanti Saikia: অনুভবৰ এটি মৰিশালীঃ
🖊ধনটি শইকীয়া
বুকুত কবৰ নাখান্দিবা
নাকাঢ়িবা হৃদয়ৰ জোনাক।
তেজেৰে মালা গাঠি, মালা নিপিন্ধাবা মোক।
কিয়? স্মশাণৰ পথ সূচল কৰিছা।
তীক্ষ্ণ ঢাৰেৰে হানি -খুচি
চিতাত উঠাই
অগ্নিকুণ্ডত পেলাই দিবা।
দেই পুৰি ছাই হৈ জাহ যাব সকলো।
নাথাকিব চিন স্মৃতিৰ দায়েৰীৰ পাতত।
অস্থি…হ'ব… তোমাৰ প্ৰেৰণা।
যিদিনা অনুভৱৰ কীট বোৰে খুচি -বিন্ধি থাকিব,বিষে জৰ্জৰিত কৰিব।
মনত পেলাবা শুকান মৰিশালীলৈ।
তেতিয়াও
তুমি নাপাবা সান্তনা।
বতৰ হ'ব ডাৱৰীয়া ,
নিগৰীত হ'ব মনৰ আকাশত টোপাল
টোপাল বৰষুণৰ।
ধুঁই নিব অনুভবৰ বিষাক্ত বীজ আৰু
নিকা হ'ব পৃথিৱী।।
[3/21, 1:57 PM] Dhanti Saikia: বিশ্ব কবিতা দিৱসৰ উপলক্ষে আগবঢ়ালো এক ক্ষুদ্ৰ প্ৰয়াস
✍মই নহয় শিল্পীঃ
🖊ধনটি শইকীয়া
এমুঠি গজালৰ প্ৰয়োজন হৈছে
এখন বেঞ্চ তৈয়াৰ কৰিৱলৈ।
য'ত বহিব শিল্পৰ কাণ্ডাৰী…
লাগিব এটি সাহিত্যৰ হাতুৰী…
দিবনে কোনোৱাই
এমুঠি পোহৰ ছটিয়াই
সেই পোহৰত সৃষ্টি কৰিম
কল্পিত শিল্পৰ ভাণ্ডাৰ।
আসন হ'ব জ্ঞান
আগ ধৰিব কলমে
শলাগ ল'ব শিল্পী সমাজে…
লক্ষ্য হ'ব অনুভবৰ বিকাশ…।
মন্তব্য হ'ব সুন্দৰৰ …
দৰ্শকে মাৰিব হাত তালি
তাৰেই চাপৰত সৃষ্টি হ'ব
শিল্পী।
জনতাৰ চিঞৰ শুনি প্ৰকাশিব বৃষ্টি …
অংকুৰিত হ'ব জ্ঞানৰ গজালি
মই নহয় শিল্পী মোক প্ৰয়োজন এমুঠি গজালৰ
এটা হাতুৰীৰ।।
[3/21, 7:39 PM] Dhanti Saikia: সপোনৰ এটি চাপৰিঃ
🖊ধনটি শইকীয়া
চাপৰীত জুই লাগিল
জ্বলি গ'ল আশা বোৰ
ছাই হ'ল তেজক মাটি কৰি
হাড়ক পানী কৰা অটল বিশ্বাস।
সেউজী মুকুতাবোৰ
জীৱনৰ ৰঙ বোৰৰ
চেঁপি চেঁপি উলিওৱা ৰস বোৰ শিতা হৈ পৰিল
ৰস বোৰ যেন আজি শুকাই গ'ল।
ম'হ চৰোৱা গৰু চৰোৱা
দিনবোৰ
ৰঙ মনৰ খুঁটি বোৰ আজি
অক্লান্ত পথৰ হেঙাৰ।
লোকাৰণ্যচালেই দুখ লগা
সপোন বোৰ যেন কাৰোবাৰ গাড়ীৰ খোন্দাত ছিটিকি পৰি অপমৃত্যু ঘটিল।
এজাক ক্লান্তক ধুমুহাই
অতীতৰ চিহ্নবোৰ
উটোৱাই লৈ গ'ল
বেপেৰুৱা ঘাটবোৰত
আজি হাঁহ নচৰা হ'ল।
মৰুময় সকলো
বিছাৰি নাপাই মৰিচীকা।
হেৰুৱাই জীৱনৰ
অকৃত্ৰিম ভাষা।
[3/21, 10:15 PM] Dhanti Saikia: নীলা নদীখনঃ
🖊ধনটি শইকীয়া
চন্দ্ৰমাৰ পোহৰত নীলা নদীখন ৰূপালী হৈ পৰিছে।
জিলিকি পৰিছে স্ফতিক পানীত কত তৰাবোৰ ।
নাছিছে ঠেও ধৰি অবুজ ভাৱে হাঁহিছে।
ঢেলেকনি খাই ওলট -পালট হৈ যায় উজ্বলতা বোৰ ।
নিমিষতে শেষ হয়… আকৌ ক্ষন্তেক জিৰনীৰ পিছত উজ্বলী উঠে ।
অনুপম সৌন্দৰ্য্যৰে পৰিপুৰ্ণ নীলা নদীখনি,
প্ৰেমৰ এটি সুৰ হৈ বৈ যায় কুলু কুলু কৈ ।সকলোৰে মৰমৰ পিয়াঁহ গুছাই…
প্ৰাণ দিয়ে …
প্ৰাণৱন্ত কৰে সপোন ।
সৰগত তৰা বোৰ যেন লুকাই থাকে
সন্ধিয়া হ'লেই উজ্বলি উঠে …।
মৰততো তৰা বোৰে এক আন্দৰ যোৱাৰ আনে ।
নীলা নদী খনো হৈ পৰে প্ৰশান্ত ।
বিলাই সৌন্দৰ্য্য অনন্ত।।
[3/22, 12:35 AM] Dhanti Saikia: সুন্দৰ
কবিতা………
🖊ধনটি শইকীয়া
কাজল লতা তোমাৰ সৌন্দৰ্য্যত
বিভোৰ সকলো
হেৰুৱাই শালিনতা ।
তুমি নোহোৱা পন্যসামগ্ৰী
তুমি মাথো কল্পনাৰ পৰী।
তুমিটো নোহোৱা কাৰুবাৰ কামনাৰ বলী
তুমি মাথো সৌন্দৰ্য ৰানী।
তোমাৰ লালিত্যত কত কবিৰ মনোভৱ বাগৰে
সৃষ্টি কৰে সাহিত্যৰ বাকৰি ।
কাজল লতা তুমি কবিৰ প্ৰানৰ মমতা
যাক লৈ সৃষ্টি কৰে কত অনুপম কবিতা।
[3/22, 11:48 AM] Dhanti Saikia: 🙏🏽🙏🏽
বাহ্যিকতাঃ
🖊ধনটি শইকীয়া
হাঁহিৰ মাজত লুকাই থাকে…
ধ্বংসকাৰী ছুনামী
বুকুৰ উত্তপ্ত বাষ্পপিণ্ড
গলি গলি জোকাৰনি তুলি
সৃষ্টি কৰে জ্বালামুখী
অতি ভয়ানক তাৰ বাহ্যিক দৃষ্টি ভংগী।
হিয়াৰ স্পন্দন তুলি
জোৱাৰ তুলে
ভাৰসাম্যতা হেৰুৱাই
কোনে কৰে মুৰ্খামী।
মোৰ দেশ সৱাতোকৈ মহানঃ
🖊ধনটি শইকীয়া
আই তোক কৰিছো প্ৰনাম
মোৰ দেশ সৱাতোকৈ মহান
সেউজী বুকুত আশাৰ ধাননী সিঁচি সোনোৱালী কৰিম দেশৰ পথাৰ
আই তোক কৰিছো প্ৰণাম।
ঘৰে ঘৰে বন্তি জ্বলিছেই কিজানি
আন্ধাৰ নাশিম আমি
জ্বলাই পোহৰৰ বন্তি।
বিছাৰিলেই পাওঁ সকলো
প্ৰকৃতিৰ আশাৰ চকুলো
নিগৰাই তুলে
দেশৰ মাটিত
মাটিৰ তলৰ মুকুতা
তাকেই সাৱতি জিনিম
আই তোৰ দুখৰ হুমুনিয়াহ।
মোৰ দেশৰ দুখীয়া নিচলা …
সকলোৱেই দেখো মুঠি মুঠি কৰি তুলে সোনৰ টোপোলা
নকৰি অৱহেলা
নিজৰ কাম কৰি কৰি
স্বাৱলম্বী হোৱা।
ক্ষমতাৰ আওতাই কঁপাই তোলে আই তোৰ হিয়া …
বিক্ৰী কৰিব নিদিও অ…আই তোক ৰাখিম জীয়াই…
কত ধুমুহা আহক
কত প্লাৱন আহক
আই তোক উটি যাৱ নিদিও
সাহসৰ হেংদাঙ তুলি ৰুধিম সকলো।
শক্ৰৰ মুখামুখি হ'ম
তেজ দিম তথাপিও
নিদিও দেশ।
মোৰ দেশ সৱাতোকৈ মহান
ৰাখিম আই তোৰ সন্মান।
কবিতাঃ
🖊ধনটি শইকীয়া
কবিতা মাথো কবিতা
যাৰ নাই ঠিকনা
আছে বিশালতা
আৰু গভীৰতা
খাতি খোৱা মানুহৰ কাব্যিক চেতনা।
কবিতা মাথো কবিতা।
জড়তাৰ মাজত বিছাৰি
পাওঁ চেতনা
অনুভৱৰ এক কাল্পনিক
ধাৰা বৈ যাই কুলুকুলু কৰি নিমাসিক ভাৱনা।
যন্ত্ৰনা ৰ ভাৰ বান্ধি
বঠা বাই যাও
পানীৰ ওপৰত নাওঁ চলাই
বুৰ যাই সপোন
শিৰণত সকলো
হেৰাই শ্বাস প্ৰশ্বাস।
অনুভৱৰ দলিছাৰ
কোমলতা বোৰ নিগনীয়ে কুটিলে
সকলো ফুটা …
যি ভৰোৱা তাকো সৰকি যোৱা।
কবিতা মাথো কবিতা
কথা ৰ ছন্দত নিগৰা
কাব্যিকতা।
[3/23, 8:25 AM] Dhanti Saikia: ডিক্ৰংৰ পাৰলৈ আহিবা এদিনঃ
🖊ধনটি শইকীয়া।
ডিক্ৰংৰ পাৰলৈ আহিবা এদিন,
লগ পাবা প্ৰকৃতিৰ অনুপম সৌন্দৰ্য্য বোৰ।মায়ানগৰীৰ আৱৰ্জনাবোৰ এৰি
উপভোগ কৰিবা নৈপৰীয়া জীৱনৰ
এটি মধুময় মুহূৰ্ত,
ৰৈ থাকিম তোমালৈ বুলি ।
ডিক্ৰং মানেই মানৱতা আৰু প্ৰাচীন পৰম্পৰাৰ ঢল
আইয়ে মচি-কাচি থোৱা চোতালৰ দৰেই,
য’ত শুনিবা তুমি আধুনিক গীতৰ সলনি
লোকগীত আৰু বৰগীতৰ ধ্বনী।
য'ত নেকি মাধৱ দেৱ গুৰুজনাৰ …জন্মস্থান।
ৰাতিপুৱাই পক্ষীবিলাকৰ মন মতলীয়া কৰা
সুৰৰ কঁপনিত চিনাকি হ’বা
পূৰ্বদিশৰ গেৰুৱা বসন পিন্ধা বেলিটিৰে
আৰু নিৰ্জন সন্ধিয়া পৰত উপভোগ কৰিবা
স্নিগ্ধ জোনাকৰ মাদকতা ।
মই লৈ যাম তোমাক
আমাৰ
গাঁৱৰ আঘোণৰ সোণোৱালী পথাৰলৈ,
তাত বুটলিম আমি সোন আৰু মুকুতা
দুপৰীয়া ৰ’দৰ জালত পথাৰৰ ঢাপত বহি
মজা ল’ম ৰসাল ৰবাব টেঙাৰ,
আবেলি পৰত নিয়ৰত
সেমেকা ধূলিবোৰ গচকি
যাম
আমি মনোভৰা নৈখনলৈ ।
দিনৰ শেষত তোমাৰ ক্লান্তি দূৰ কৰিবলৈ
ভাগ ল’বা ৰাজহুৱা সত্ৰৰ
ভকতি নামত,
য’ত জুৰ পৰিব তোমাৰ
নিৰাশাময় জীৱন।
ডিক্ৰংৰ পাৰলৈ আহিবা এদিন,
ৰৈ থাকিম তোমালৈ বুলি।
Comments
Post a Comment