তুমি মোৰ খৱৰ ল'লা ভাল লাগিল...

তুমি মোৰ খৱৰ ল'লা ভাল লাগিল...
ভাল লাগিল তোমাৰ সুৱলা মাত সাৰ শুনি...
ভাল লাগিল গম পাই যে মই ৰুৱা প্ৰেমৰ পুলি এতিয়াও তোমাৰ মনত সজিৱ হৈ আছে।
তুমি মোক শুধিলা খবৰ কি?
বহুত কষ্টত কলো মই কুশলে আছো বুলি...
তুমি হৎাস হবা বোলি মিছাতে কলো মই সুখী বোলি...
তোমাক মই নোৱাৰিলো শুধিব কুশলে আছানে বোলি
কিয় জানা, মই নোৱাৰো তোমাৰ মুখৰ পৰা মিছা শুনিব...
মই নোৱাৰো তোমাৰ দুচকুত চকুলো দেখিৱ...
মই জানো তুমি মোৰ উত্তৰত ভালে আছো বুলিয়ে কলা হয়।
মই জানো মিছিকি হাঁহি মাৰি মোকো হহোৱাবলৈ চেষ্টা কৰিলা হয়,
মই জানো পিছত তুমি কান্দিলা হয়,
মই জানো মোক সঘনাই মিছ কৰিলা হয়,
জানা মই নিষ্ঠুৰ নহয়, মইয়ো তোমাৰ লগত কথা পাতিব বিছাৰো,
তোমাৰ চকুত চকুথৈ হাহিব বিছাৰো, তোমাৰ দুখ কঢ়িয়াই তোমালৈ সুখ ঠেলি দিব বিছাৰো,
ওৰে জীৱন মাথো তোমাৰ হৈ থাকিব বিছাৰো।
তোমাক মই আগতকৈও অধিক ভাল পাৱ বিছাৰো,
তোমাৰ অবিহনে এই জীৱন কটাব নিবিছাৰো।
তোমাক মোৰ জীৱনৰ লগৰী কৰিব বিছাৰো।
মই তোমাক অসীম প্ৰেম মৰম ভালপোৱা দিব বিছাৰো

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…