নতুন সুৰুয
✍নতুন সুৰুযঃ
🖊ধনটি শইকীয়া।
নুসুধিবা কাহানিও মোক মনৰ কথা,
জানিৱলৈয়ো চেষ্টা নকৰিবা।
জোন বাই ৰ বুকুত উমলা দিনৰ কথা
হাতত হাত ধৰি ৰজা ৰাণী খেলা।
সেই সময় হেনো নাই
সকলো সলনি হৈ গ'ল অ।
চোৱা পুৱাৰ সুৰুযে সকলো হেৰুৱাই পেলালে,
নতুন সুৰুযৰ লগত মিলি গ'লো আমি
পাহৰি গ'লো জোনবাই দেশৰ সাধু।
আজিও মনত পৰে জানা
কেনেকৈ কওঁ তুমি সুধিলে লাজেৰে ভৰি পৰে মুখ,
সেয়ে হে নকওঁ তোমাক মনৰ কথা।
পাহৰি যোৱা সকলো ।
লৈ অাহা সপোন
নতুন সুৰুযৰ
নতুন প্ৰভাতত।
Comments
Post a Comment