বৃকলাঙ্গ

📝বৃকলাঙ্গ
    ✍ধনটি শইকীয়া

পঞ্চইন্দ্ৰিয় সুস্থ
অথচ বৃকলাঙ্গ…
অভিভাবকৰ দৰে
এটি মন আছে
অথচ দুৰ্বল।
সুস্থ মস্তিষ্ক
অথচ বিকল।

সন্মুখত এটি
সুন্দৰ জীৱন
অথচ ভিত্তিহীন।
জীৱন নৌকাত
বঠা মাৰি যোৱা…
লক্ষ্য নিকটতম…
      অথচ
এজাক ধুমুহাই
ভাঙি দিয়ে সপোন।
সকলো থাকিও
আজি বৃকলাঙ্গ।
জীৱনটো মাথো
আধৰুৱা স্মৃতিৰ তৰংগ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…