স্মৃতিৰ বৰপুখুৰী

📝স্মৃতিৰ বৰপুখুৰীঃ
      🖊ধনটি শইকীয়া

দেখিছানে পদুমী বৰপুখুৰীত
  পদুমৰ কলি?
হেৰাই গ'ল……
ভেট ফুলৰ কলি
মেটেকা ফুলৰ
নিচাধৰা ৰাগিনী।

সৌ তাহানিটেই দেখা,
মনত আছে
ককাৰ বুকুচাত
উঠি পুখুৰীত নামি
পদুমৰ চকা খোৱা
পাৰত আহি ভেটফুলৰ কলি খাই পথাৰ আলিত পেলাই থৈ অহা।
ক'ত গ'ল সেই দিনবোৰ
হেৰাই গ'ল বৰপুখুৰীৰ পৰা পদুমৰ কলিবোৰ।
হেৰাই গ'ল অ পদুমী
সকলো হেৰাই গ'ল।

আজি প্ৰজন্মক যদি প্ৰশ্ন কৰা যাই
পদুম ফুল দেখেছিনা?
ক'ব হয়টো দেখিছো!
কিন্তু বাস্তৱত নহয় ফটোত হে দেখিছো।
দুখ লাগে অ পদুমী প্ৰকৃতিৰ অনুপম সৌন্দৰ্য্যবোৰ হেৰাই যাব ধৰিছে অ'।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন