মৃত্যু অবিসম্বাদী
মৃত্যু অবিসম্বাদীঃ
🖊ধনটি শইকীয়া
মৃত্যু অবিসম্বাদী
অৱশেষত চুড়ান্ত
ঘোষনা …
চকুৰ পানীৰে দলং…সজা
লৌহ পিঞ্জৰাৰ নৰক যান্ত্ৰনা…
ফাঁচি কাঠত ওলমা…
আইনৰ নিষ্ঠুৰ ধাৰা…
সাঁচি পাতৰ সাধুবোৰ
লুটিয়াই চালে…দেখো…
মৃত্যু সত্য …
সত্যতাৰ আঁৰত কত কল্পিত ৰছনা
জ্ঞান হীনতাৰ চাক্ষুষ
পৰিঘটনা…
সেই বোৰ আজি জিলিকি থাকে
জীৱনৰ ৰঙীন পাতত
সীমাহীন ঘাটত…
মৃত্যু নিজেই সজা বালিঘৰ …
এজাক ধুমুহা আহিলেই
ভাগি যাই
সপোনৰ ঘৰ…
যেতিয়া…
নিয়তিয়ে আহ্বান কৰিব
সকলো মৌন হৈ পৰিব …মৌন সময়ত শ্বাস বোৰ ঘন হ'ব
নিশ্বাসে আকোঁৱালি ল'ব
হেৰাই যাব অসত্যবোৰ
সকলো চেষ্টা বিফল হ'ব
প্ৰত্যাহ্বান বোৰ উফৰাই
মৃত্যু সত্য হৈ পৰিব।
হাজাৰ জনৰ চিঞৰ আৰু কান্দোনৰ ৰুল …
হৃদয় স্পৰ্শি ভাষাবোৰ কোনে …শুনিব …
সকলো…
প্ৰকৃতিৰ উষ্ম স্বাদৰ লগত মিলি যাব …
মাটিৰ দেহা মাটিতেই বিলীন হ'ব।
মৃত্যু অবিসম্বাদী হৈ পৰিব।
Comments
Post a Comment