বাস্তৱ বৰ নিষ্ঠুৰ

✍বাস্তব বৰ নিষ্ঠুৰঃ
    🖊ধনটি শইকীয়া।

যিমানেই ডাঙৰ হৈ আহিছো
সময়বোৰ বৰ নিষ্ঠুৰ হৈ পৰিছে।

কেনেকৈ বাৰু পাৰ কৰো সময়বোৰ,।
সময়ে নিষ্ঠুৰতাৰ পম খেদি,
জীৱনৰ পাছে পাছে দৌৰি
শেষ কৰিছে ৰঙীনতাৰ ৰঙীন হাঁহিবোৰ।
   জীয়াই আছে মাথো বিষাদৰ কৰুণ বাঁহীৰ সুৰ।

কিয় কৰে যৌৱনে আমনি
জীৱনৰ মাজবাটত হেতালি খেলেহি।
হেৰাই যাই শুদ্ধ -অশুদ্ধতা
মাথো বিছাৰি পাই সুন্দৰতা।
সেই সুন্দৰতাই ওচৰৰ পৰা
সকলো কাঢ়িলৈ যাই,,
থাকি যাই মাথো কলুষিত চেতনা।

চেতনা বিহীন জীৱনত নাপাওঁ ঠিকনা
পাওঁ মাথো বহুতো অবুজ বেদনা।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন